NORTHEAST NOW (Assamese)
অসম

মহিলাৰ এটা বৃহৎ দলে ঘেৰাও কৰিলে বোকাজান আৰক্ষী থানা

Posted by: নংগি তেৰাং Updated by: নংগি তেৰাং March 5, 2019 9:27 am
bokajan thana gherao

যৌন নিৰ্যাতনৰ দৰে জঘন্য কাণ্ড সংঘটিত কৰা এজন অভিযুক্তৰ বিৰুদ্ধে শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী তুলি ৪ মাৰ্চ অৰ্থাৎ সোমবাৰে মহিলাৰ এটা বৃহৎ দলে ঘেৰাও কৰে বোকাজান আৰক্ষী থানা।

যোৱা ৩ মাৰ্চত বোকাজান আৰক্ষী থানাৰ অন্তৰ্গত ফুলবাৰীত পাপু গগৈ (৩০)নামৰ এজন যুৱকে এগৰাকী কিশোৰীক যৌন নিৰ্যাতন চলাইছিল। আৰু সেই যুৱজকনৰ শাস্তিৰ দাবীতে মহিলাসকলে ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰে।

উল্লেখ্য যে এই ঘটনাটো সন্দৰ্ভত বোকাজান আৰক্ষীয়ে নীৰৱ ভূমিকা অৱলম্বন কৰি থকাৰ অভিযোগ উত্থাপন কৰি স্থানীয় মহিলাসকলে সোমবাৰে ৰাতিপুৱাই এই কাৰ্যসূচী লয়।

মহিলাসকলে গ্ৰহণ কৰা এঘণ্টীয়া ঘেৰাও কাৰ্যসূচীৰ ফলত বোকাজান থানা চৌহদৰ পৰিস্থিতি উত্তপ্ত হৈ পৰাৰ লগতে থানাৰ সন্মুখৰ পথটো স্তব্ধ হৈ পৰে। যাৰ ফলত পথৰ দুয়ো কাষে শ-শ যান বাহন তথা আবদ্ধ হৈ পৰে।

পৰিস্থিতি ক্ৰমাৎ উত্তপ্ত হৈ পৰাত যৌন নিৰ্যাতনত অভিযুক্ত যুৱকজনক বৰপথাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ডিফু কোৰ্টলৈ প্ৰেৰণ কৰা বুলি বোকাজান আৰক্ষীয়ে প্ৰতিবাদকাৰী মহিলাসকলক জানিবলৈ দিয়ে। এই কথা জনাৰ পাছতে পৰিস্থিতি পুনৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহে।

উল্লেখ্য যে অভিযুক্ত পাপু গগৈৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩৬৩ নং ধাৰাৰ অধীনত ৪৬/১৯ নম্বৰত এটা গোচৰ ৰুজু কৰা হৈছে।