NORTHEAST NOW (Assamese)

আয়কৰ বিভাগৰ তালাচীৰ পাছত একেলগে চিনেমাৰ শ্বুটিঙত ব্যস্ত হ’ল অনুৰাগ কাশ্যপ- তাপসী পান্নু

March 6, 2021 7:34 pm · এন ই নাও নিউজ

আয়কৰ বিভাগে বাসগৃহ আৰু অফিচত তালাচী অভিযান চলোৱাক লৈ চৰ্চাত থকাৰ পাছতে পুনৰ চলচিত্ৰ পৰিচালক অনুৰাগ কাশ্যপ আৰু অভিনেত্ৰী তাপসী পান্নু ব্যস্ত হৈ পৰিছে শ্বুটিঙত।

ইতিমধ্যে শনিবাৰে তাপসী পান্নুৱে আয়কৰ বিভাগে তেওঁৰ ওপৰত উত্থাপন কৰা  গোচৰসমূহক লৈ কেইবাটাও টুইটৰ দ্বাৰা প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।

আনহাতে অনুৰাগ কাশ্যপে তেওঁৰ অনাগত ছৱি ‘দোবাৰা’ৰ শ্বুটিঙৰ ফটো ইনষ্টাগ্ৰামতত শ্বেয়াৰ কৰি চ’চিয়েল মিডিয়ালৈ উভটি আহিছে।

উল্লেখযোগ্য যে ‘দোবাৰা’ত অনুৰাগ কাশ্যপ আৰু তাপসী পান্নু- দুয়োৱে কাম কৰিছে।

চিনেমাখনৰ বহুকেইটা দৃশ্যৰ শ্বুটিং ইতিমধ্যে সমাপ্ত হৈ গৈছে আৰু আয়কৰ বিভাগৰ তালাচী অভিযানৰ পাছত শনিবাৰে পুনৰ শ্বুটিং আৰম্ভ হৈছে।

 

View this post on Instagram

 

A post shared by Anurag Kashyap (@anuragkashyap10)

ইনষ্টাগ্ৰাম প’ষ্টটোত অনুৰাগ কাশ্যপে লিখে যে তেওঁৰ সকলো ‘হেটাৰছ’লৈ প্ৰেম নিবেদন কৰি এই চিনেমাখনত ব্যস্ত হৈছে।

ফটোখনত অভিনেত্ৰী আৰু পৰিচালক- দুয়োকে উৎফুল্লিত আৰু ধেমেলীয়া ৰূপত দেখা গৈছে।

আনহাতে তাপসী পান্নুৱেও ২২ ফেব্ৰুৱাৰীত চিনেমাখনৰ আগৰ শ্বুটিঙৰ ফটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰি অনুৰাগ কাশ্যপক টেগ কৰিছ কৈছিল যে- আহা পুনৰ শ্বুটিং আৰম্ভ কৰো।

 

View this post on Instagram

 

A post shared by Taapsee Pannu (@taapsee)

বলিউদৰ এগৰাকী আগশাৰীৰ পৰিচালক অনুৰাগ কাশ্যপৰ শেহতীয়া ছৱি ‘দোবাৰা’ এখন কল্পবিজ্ঞান ছৱি।

উল্লেখযোগ্য যে ৩ মাৰ্চৰ পৰা তিনিদিন ধৰি আয়কৰ বিভাগে তেওঁলোকৰ ঘৰ আৰু অফিচত তালাচী চলাইছিল।

বিভাগটোৱে প্ৰেছ বিবৃত্তিত কোৱামতে, তালাচীৰ অন্তত তেওঁলোকে প্ৰায় ৬৫০ কোটি টকাৰ বিত্তীয় অনিয়মৰ প্ৰমাণ লাভ কৰিছে।

Related News