NORTHEAST NOW (Assamese)
Popular Stories

অনুষ্কা-বিৰাটৰ মহানুভৱতা : নতুন জীৱন প্ৰদান কৰিলে এই শিশুটিক! জানো আহক

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 25, 2021 4:19 pm

ক’ভিড মহামাৰীৰ বাবে অনুৰাগীসকলৰ পৰা ৭ কোটি টকা বৰঙনি তুলি প্ৰশংসাৰ পাত্ৰ হোৱাৰ পাছত পুনৰ আন এক মানৱীয় কৰ্মৰে উজ্বলি উঠিছে বিৰুষ্কা তথা তাৰকা দম্পত্তি বিৰাট কোহলী আৰু অনুষ্কা শৰ্মা।

বলিউডৰ এক সংবাদ মাধ্যমৰ বাতৰি অনুযায়ী, আয়াংশ গুপ্ত নামৰ এটি কণমানি শিশুৱে জন্মৰে পৰাই দুৰাৰোগ্য ‘স্পাইনেল মাস্কুল এট্ৰোফি’ত আক্ৰান্ত হৈ আহিছে।

ৰোগবিধৰ চিকিৎসা কৰিবলৈ শিশুটিৰ অভিভাৱক অসম্যৰ্থ, কিয়নো চিকিৎসাৰ খৰচ ১৬ কোটি টকা।

সেয়ে তেওঁলোকে ‘আয়াংশফাইটছএছএমএ’ নামৰ এটা টুইটাৰ একাউণ্টযোগে সহায় বিচাৰি এটা কেম্পেইন আৰম্ভ কৰে।

এই কথা জানিব পৰা মাত্ৰকে শিশুটিৰ চিকিৎসাৰ বাবে হাত আগবঢ়াই দিলে বিৰুষ্কাই।

বিৰুষ্কাই অনুৰাগীসকললৈ আবেদন জনোৱাৰ লগে লগে শিশুটিৰ চিকিৎসাৰ খৰচৰ যোগান হৈ যায়।

ইয়াৰ পাছতে শিশুটিৰ পৰিয়ালত আনন্দৰ জোৱাৰ উঠিছে।

সামাজিক মাধ্যমযোগে অভিভাৱকসকলে বিৰুষ্কাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছে।

”বিৰাট কোহলী- অনুষ্কা শৰ্মাৰ অৱদান চিৰকাল মনত থাকিব।”- তেওঁলোকে কয়।

বিৰুষ্কাৰ অনুৰাগীসকলেও তাৰকা দম্পত্তিটোক অভিনন্দন জনাইছে।