NORTHEAST NOW (Assamese)
অসম

কুইপ’ৰ দুই অপহৃত বিষয়াক মুকলি কৰি দিলে আলফা স্বাধীনে; প্ৰণৱ কুমাৰ গগৈৰ গৃহত উপস্থিত হৈ কি ক’লে কৌশিক ফুকনে?

Posted by: পার্শ্বজোতি গগৈ Updated by: পার্শ্বজোতি গগৈ March 4, 2021 6:10 pm
Screenshot_20210304-173734_WhatsApp

অৱশেষত আলফা স্বাধীনে অপহৰণ কৰি নিয়া কুইপ’ৰ দুগৰাকী বিষয়া প্ৰণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰক সংগঠনটোৱে মুকলি কৰি দিছে।

আজি আলফাৰদ্বাৰা অপহৃত প্ৰণৱ কুমাৰ গগৈৰ ঘৰত উপস্থিত হৈ এই কথা স্পষ্ট কৰে কৌশিক ফুকনে।

কুইপ’ আৰু আলফা স্বাধীনৰ মধ্যস্থতাকাৰী আছিল কৌশিক ফুকন।

দুই এদিনতে নিজা গৃহত উপস্থিত হব প্ৰণৱ কুমাৰ গগৈ। এই কথা পৰিয়ালক অৱগত কৰে কৌশিক ফুকনে।

কৌশিক ফুকনে জানিবলৈ দিয়ে যে প্ৰণৱ কুমাৰ গগৈৰ লগতে বিহাৰৰ ৰাম কুমাৰকো আলফা স্বাধীনে মুকলি কৰি দিছে।

কৌশিক ফুকন আৰু আলফা স্বাধীনৰ সেনাধক্ষ পৰেশ বৰুৱাক ধন্যবাদ জনায় প্ৰণৱ কুমাৰ গগৈৰ পৰিয়ালে।

ইপিনে আলফা স্বাধীনে মুক্তিপণ বিচৰাটো এক অপপ্ৰচাৰ বুলি কয় কৌশিক ফুকনে।

আলফাই প্ৰণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰক মুক্তিপণৰ বিনিময়ত মুকলি কৰি দিয়া নাই বুলি কয় ফুকনে।

কুইপ’ৰ লগত অসমীয়া যুৱক-যুৱতীৰ কৰ্ম সংস্থাপনৰ বিষয়তহে আলোচনা হৈছিল বুলি কৌশিক ফুকনে জানিবলৈ দিয়ে।