NORTHEAST NOW (Assamese)
Popular Stories

জামিনত মুক্তিলাভ কৰিলে নদীপ কৌৰৰ সহযোগী শ্ৰমিক অধিকাৰ কৰ্মী শিৱ কুমাৰে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 4, 2021 6:44 pm

হাৰিয়ানাৰ সনেপট জিলাৰ এখন স্থানীয় ন্যায়ালয়ে শ্ৰমিক অধিকাৰ কৰ্মী শিৱ কুমাৰক তেওঁৰ ওপৰত আৰোপিত তিনিওটা গোচৰত জামিন প্ৰদান কৰিছে।

উল্লেখযোগ্য যে ইতিমধ্যে জামিনত মুক্তি লাভ কৰা আন এগৰাকী কৰ্মী তথা তেওঁৰ সহযোগী নদীপ কৌৰৰ স’তে একেলগে কুমাৰে মজদুৰ অধিকাৰ সংগঠনৰ হৈ কাম কৰি আহিছিল।

২৪ বছৰীয়া কুমাৰক দুটা গোচৰত ৩ মাৰ্চ আৰু আনটো গোচৰত ৪ মাৰ্চত জামিন প্ৰদান কৰা হৈছে।

১২ জানুৱাৰীত তেওঁ কৰ্মৰত কুণ্ডলী ইণ্ডাষ্ট্ৰিয়েল এছ’চিয়েচনত অনাদায় হৈ থকা শ্ৰমিক প্ৰাপ্য মজুৰিৰ দাবীত সংগঠনৰ বেনাৰত তেওঁ আন্দোলনৰ নেতৃত্ব প্ৰদান কৰিছিল।

আৰক্ষীয়ে কৌৰ আৰু কুমাৰক হত্যাৰ চেষ্টা, চুৰি আৰু ভয়-ভাবুকি প্ৰদানৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল।

কৌৰক ১২ জানুৱাৰীত গ্ৰেপ্তাৰ কৰাৰ চাৰিদিন পাছত কুমাৰক গ্ৰেপ্তাৰ কৰা হৈছিল।

২৬ ফেব্ৰুৱাৰীত কৌৰে মুকলি আকাশৰ তললৈ অহাৰ পাছতে কুমাৰৰ মুক্তিৰ দাবী কৰিছিল।

তদুপৰি কাৰাগাৰত কুমাৰৰ ওপৰত শাৰিৰীক অত্যাচাৰৰো অভিযোগ কৌৰে উত্থাপন কৰিছিল।

কুমাৰৰ চিকিৎসা পৰীক্ষাতো শাৰিৰীক অত্যাচাৰৰ প্ৰমাণ পোৱা গৈছে বুলি জানিব পৰা গৈছে।