NORTHEAST NOW (Assamese)
Popular Stories

বিশ্ব চেম্পিয়ন ডি গুকেশক পৰাস্ত কৰি ইতিহাস ৰচিলে ১৬ বছৰীয়া অভিমন্যু মিশ্ৰই

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 9, 2025 10:09 am

১৬ বছৰীয়া আমেৰিকাৰ দবা প্ৰডিজি অভিমন্যু মিশ্ৰই ফিডে(FIDE) গ্ৰেণ্ড ছুইছৰ পঞ্চম ৰাউণ্ডত বৰ্তমানৰ বিশ্ব চেম্পিয়ন ডি গুকেশক পৰাস্ত কৰি নতুন ইতিহাস গঢ়িলে। এই জয়েৰে মিশ্ৰই ক্লাচিকেল দবাত বৰ্তমানৰ বিশ্ব চেম্পিয়নক পৰাস্ত কৰা আটাইতকৈ কম বয়সীয়া খেলুৱৈ হিচাপে পৰিগণিত হয়।

মিশ্ৰই ইয়াৰ পূৰ্বে ২০২১ চনত ১২ বছৰ ৪ মাহ ২৫ দিন বয়সত গ্ৰেণ্ডমাষ্টাৰৰ খিতাপ অৰ্জন কৰি চাৰ্গেই কাৰ্জাকিনৰ ১৯ বছৰত ৰখা ৰেকৰ্ড ভংগ কৰি “কনিষ্ঠতম” খেলুৱৈ হিচাপে পৰিচিত ।

সংবাদ মাধ্যমৰ আগত দিয়া সাক্ষাৎকাৰত, এই ঐতিহাসিক জয়ৰ পিছতো অভিমন্যুৱে নিজৰ প্ৰদৰ্শনৰ ওপৰত সমালোচনামূলক মন্তব্য কৰি কয়, “আগৰ কেইখনমান মেচতকৈ এই জয়ত সন্তুষ্ট হোৱা নাই। তথাপিও এই ফৰ্ম বজাই ৰাখিলে প্ৰতিযোগিতাখন জয় কৰাৰ সম্ভাৱনা যথেষ্ট বুলি মন্তব্য কৰে।

উল্লেখ্য যে অভিমন্যুৰ কৃতিত্ব এই বিজয়তেই সীমাবদ্ধ নহয়। আমেৰিকাৰ দবা ইতিহাসত ইতিমধ্যেই আটাইতকৈ কম বয়সীয়া আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰ হোৱাৰ খ্যাতিও অৰ্জন কৰিছে।