NORTHEAST NOW (Assamese)
অসম

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এক মে’ৰ পৰা পৰ্যটকৰ বাবে বন্ধ হ’ব হাতী চাফাৰী

Posted by: উত্তম শইকীয়া April 27, 2019 8:51 am
elephant-ride_2

বিগত সময়ৰ দৰে  ১ মে’ৰ পৰা এশিঙিয়া গড়ৰ বাবে পৃথিৱী বিখ্যাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দেশী বিদেশী পৰ্যটক সকলৰ বাবে বন্ধ কৰা হব হাতী চাফাৰী৷ এই সম্পৰ্কত শুকুৰবাৰে এক বিভাগীয় নিৰ্দেশনা জাৰি কৰে পূব অসম বন্যপ্ৰাণী সংমণ্ডল বিষয়া ৰোহিনী বল্লভ শইকীয়াই ৷

নিৰ্দেশনাটোত উল্লেখ কৰা অনুসৰি ১ মে’ৰ পৰা পৰ্যটকসকলৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সকলো ৰেঞ্জত হাতী চাফাৰীৰে ৰাষ্ট্ৰীয় উদ্যানখন দৰ্শন  বন্ধ কৰা হ’ব।

আনহাতে, হাতী চাফাৰী বন্ধ হোৱাৰ পাছত মে’ মাহৰ ভিতৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ বাবে জীপ চাফাৰীও বন্ধ হোৱাৰ সম্ভাৱনা আছে। বাৰিষাৰ আগমণৰ লগে লগে কাজিৰঙাত হাতী আৰু জীপ চাফাৰী বন্ধ হয়।

প্ৰতিটো বাৰিষাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰৰ বাট-পথ সমূহ গাড়ী চলাচল কৰাৰ বাবে অনুপযুক্ত হৈ পৰাৰ বাবেই বহু মাহ উদ্যানখন পৰ্যটকৰ বাবে বন্ধ থাকে।

আনহাতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষই আগন্তুক বাৰিষা কালত উদ্যানখনত সৃষ্টি হ’ব পৰা বানপানীৰ লগত মোকামিলা কৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে।