NORTHEAST NOW (Assamese)
অসম

পুৱাই দুৰ্ঘটনাত পতিত বিবাহযাত্ৰী কঢ়িওৱা ট্ৰেভেলাৰ; ৫ জন নিহত

Posted by: এন ই নাও নিউজ April 27, 2019 9:05 am

শনিবাৰে ৰাজ্যত পুৱাতে সংঘটিত হ’ল এক শোকাৱহ তথা ভয়ংকৰ পথ দুৰ্ঘটনা। আজি পুৱা ধুবুৰীৰ গৌৰীপুৰত সংঘটিত এক পথ দুৰ্ঘটনাত পাঁচজনকৈ লোক থিতাতে নিহত হোৱাৰ লগতে কেইবাজনো আহত হয়।

ঘটনাৰ বিৱৰণিমতে পুৱা প্ৰায় ৪ বজাত বিবাহযাত্ৰী কঢ়িওৱা এখন ট্ৰেভেলাৰে নিয়ন্ত্ৰণ হেৰুৱাই গৌৰীপুৰত পথৰ দাঁতিত ৰৈ থকা এখন ট্ৰাকত প্ৰচণ্ড জোৰত খুন্দা মাৰে। ফলত ঘটনাস্থলীতে পাঁচজন লোকে কৰুণ মৃত্যুক আঁকোৱালি লয়।

দুৰ্ঘটনাটোত নিহত লোককেইজনক ক্ৰমে শম্ভু ৰাউট, কাঞ্চন বীন, সুভাষ অধিকাৰী আৰু উৎপল বৰ্মন বুলি চিনাক্ত কৰা হৈছে। অৱশ্যে দুৰ্ঘটনাটোত নিহত আন এজন ব্যক্তিৰ পৰিচয় বাতৰি লিখা পৰলৈকে জানিব পৰা হোৱা নাই।

প্ৰাপ্ত তথ্য মতে বিবাহ সম্পন্ন হোৱাৰ পিছত বঙাইগাঁৱৰ পৰা গোলকঞ্জৰলৈ ওভতাৰ পথতে দুৰ্ঘটনাটো সংঘটিত হয়। ট্ৰেভেলাৰখনত ১৭ জন লোক আছিল বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাটোত আহত আটাইকেইজনকে তাৎক্ষণিকভাৱে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।