NORTHEAST NOW (Assamese)

এই পৰিস্থিতিত টোলগেট মুকলি কৰা কাৰ্যক কাণ্ডজ্ঞানহীন আখ্যা অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ

April 21, 2020 8:19 am · কল্পজ্যোতি শইকীয়া
Updated: April 21, 2020 12:06 pm
অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰুবুল দাস।

লকডাউন চলি থকাৰ সময়ত ৰাইজে এমুঠি ভাতৰ বাবে হাহাকাৰ কৰি থকা অৱস্থাত ৰহা টোলগেট মুকলি কৰি দিয়াটো সহজ বিষয় নহয় বুলি মন্তব্য কৰিছে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰুবুল দাসে।

দেওবাৰৰ নিশাৰ পৰা টোলগেট সমূহ খুলি দিয়া প্ৰসংগত নৰ্থ ইষ্ট নাওলৈ প্ৰেৰণ কৰা এটা ভিডিঅ’ৰ জৰিয়তে অতি শীঘ্ৰে টোলগেট বন্ধ কৰাৰ দাবী তোলে সংগঠনটোৰ কেন্দ্ৰীয় সভাপতি গৰাকীয়ে।

‍‘যি মুহূৰ্তত তলাবন্ধ কাৰ্যসূচী সফল কৰিবৰ বাবে অসমীয়া জনসাধাৰণ ঘৰত আবদ্ধ হৈ আছে তথা মানৱতাক জীয়াই ৰাখিবৰ বাবে অহোপুৰুষাৰ্থ চেষ্টা কৰিছে তেনে সময়ত টোলগেট বন্ধ কৰিবলৈ ৰাজপথলৈ দল-সংগঠন ওলাই অহাৰ সমান দুৰ্ভাগ্যৰ বিষয় একো নহ’ব’, দাসে এইদৰে হুংকাৰ দি কয়।

ইয়াৰ উপৰি, কোনো কাৰণতে ৰহা টোলগেট আৰু বিজনীৰ টোলগেট খুলিবলৈ দিয়া নহ’ব বুলিও তেওঁ হুংকাৰ প্ৰদান কৰে।

‍‘চৰকাৰে যদি আৰক্ষী বাহিনী প্ৰয়োগ কৰি টোলগেটসমূহ খোলা ৰাখে তেন্তে পৰিস্থিতি ভয়াবহ হৈ উঠিব। জাতীয় দল-সংগঠনক জোকাই নল’ব অন্যথ্যা জুইৰ লগত খেলা কৰা পৰিনাম অধিক ভয়াবহ হ’ব’, দাসে চৰকাৰক সকীয়াই দি এইদৰে কয়।

উল্লেখ্য যে সোমবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়েও টোলগেট দুখন খুলিবলৈ লোৱা সিদ্ধান্তৰ তীব বিৰোধিতা কৰা দেখা গৈছিল।

Related News