NORTHEAST NOW (Assamese)
অসম

গাঞ্জা ব্যৱসায়ীক বিচাৰি অসম আৰক্ষীয়ে কৰা টুইটত চাঞ্চল্য

Posted by: এন ই নাও নিউজ June 5, 2019 1:15 pm
Assam-police-1140x570

সোমবাৰে নিশা অসম আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছিল বৃহৎ পৰিমাণৰ গাঞ্জা। গাঞ্জাখিনি জব্দ কৰিলেও ইয়াৰ গৰাকী কোন সেই বিষয়ে জানিবলৈ সক্ষম হোৱা নাই আৰক্ষী। সেয়ে উক্ত গাঞ্জাখিনিৰ গৰাকীক বিচাৰি অসম আৰক্ষীয়ে টুইটাৰৰ জৰিয়তে কৰে এটা টুইট। আৰু এতিয়া এই টুইটোৱে চাঞ্চল্যৰ সৃষ্টি কৰিছে সামাজিক মাধ্যমত।

উল্লেখ্য যে অসম আৰক্ষীয়ে মঙলবাৰে নিজৰ টুইটাৰ একাউণ্টৰ জৰিয়তে লিখে, ‘যোৱা ৰাতি কোনোবা লোকৰ ছাগলিয়া চেক পইণ্টৰ ওচৰত বৃহৎ পৰিমাণৰ গাঞ্জা (৫৯০ কেজি) আৰু এখন ট্ৰাক হেৰাইছে নেকি? ভয় নাখাব, আমি পাইছো। অনুগ্ৰহ কৰি ধুবুৰী আৰক্ষীৰ সৈতে যোগাযোগ কৰক। নিশ্চিতভাৱে তেওঁলোকে সহায় কৰিব’।


জানিব পৰা মতে ধুবুৰী আৰক্ষীৰ এটা দলে গোপন সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত নিশা চলোৱা অভিযান কালত এই বৃহৎ পৰিমাণৰ গাঞ্জাখিনি জব্দ কৰিবলৈ সক্ষম হৈছিল।

ইফালে এক সূত্ৰৰ পৰা জানিব পৰা মতে আৰক্ষীৰ এই অভিযান আগতিয়াকৈ জানিব পাৰি গাঞ্জা সৰবৰাহকাৰী কেইজনে উপায়ন্তৰ হৈ গাঞ্জাভৰ্তি ট্ৰাকখন ছাগলিয়া চেক পইণ্টৰ ওচৰত এৰি পলায়ন কৰিছিল।