NORTHEAST NOW (Assamese)
অসম

বিশ্ব পৰিবেশ দিৱস উপলক্ষে লতাশিল খেলপথাৰত গছ বিহু উদযাপন

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া June 5, 2019 12:11 pm
Gos Bihu

ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে গুৱাহাটীত এক ব্যতিক্ৰম ৰূপত উদযাপন কৰা হয় বিশ্ব পৰিবেশ দিৱস। এই দিৱসৰ লগত সংগতি ৰাখি ‘আমাৰ বনানী’ৰ উদ্যোগত লতাশিল খেলপথাৰত গছ বিহু উদযাপন কৰা হয়।

‘গছ থাকিলেহে মানুহ থাকিব মানুহ থাকিলেহে বিহু থাকিব’ এই উদ্দেশ্যৰে বিশ্ব পৰিবেশ দিৱস উদযাপন কৰা হয় বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে।

উক্ত অনুষ্ঠানৰ উদ্বোধক হিচাপে উপস্থিত থাকি বনৌষধ চিকিৎসাৰ সৈতে জড়িত পংকজ পাঠকে কয় ‘সমগ্ৰ গুৱাহাটীৰ এ চি (Air Conditioner) সমূহ এদিনৰ বাবে নচলোৱাকৈ থাকিলে ৰাতিলৈ ইয়াৰ পৰিবেশ চিলঙৰ দৰে ঠাণ্ডা হ’ব’।

ইয়াৰ উপৰি পাঠকে প্ৰচুৰ পৰিমাণে গছপুলি ৰোপনৰ বাবে আহ্বান জনোৱাৰ লগতে প্লাষ্টিকৰ ব্যৱহাৰ সম্পূৰ্ণ ৰূপে বন্ধ কৰিবলৈ আহ্বান জনায়।

বিশ্ব পৰিবেশ দিৱসৰ দিনা ঈদ হোৱা বাবে তেওঁ ইছলাম ধৰ্মী লোকসকলক গছপুলি ৰোপনেৰে পৃথিৱীখন সেউজীয়া কৰিবলৈও আহ্বান জনায়।

উক্ত অনুষ্ঠানত কামৰূপৰ অতিৰিক্ত উপায়ুক্ত গুণজিত কাশ্যপ, Early Birds নামৰ ব্যক্তিগত সংস্থাৰ সভানেত্ৰী মনোৰমা দাস, ঢোল বিশেষজ্ঞ পংকজ বৰাৰ লগতে অন্যান্য ব্যক্তি সকল উপস্থিত থাকে।