NORTHEAST NOW (Assamese)

নিশা লাডাখ সীমান্তত পহৰা ৫ খন এপাচি হেলিকপ্টাৰৰ

July 7, 2020 4:13 pm · এন ই নাও নিউজ
Updated: July 7, 2020 5:02 pm

 

সীমান্তৰ পৰা চীনে সেনা আঁতৰাই নিছে যদিও আশ্বস্ত হ’ব পৰা নাই ভাৰত।

যিকোনো মূহুৰ্ততে চীনৰ সেনাই ভাৰতৰ বিৰুদ্ধে পুনৰ হৈ পৰিব পাৰে আক্ৰমণাত্মক।

সেই বাবেই ভাৰতে চীন-ভাৰত সীমান্তৰ লাডাখত ৰাখিছে চোকা নজৰ। যোৱা নিশাৰে পৰা লাডাখৰ সীমান্তত ভাৰতৰ এপাচি হেলিকপ্টাৰে চোকা নজৰ ৰাখে চীনৰ ওপৰত।

মাল্টি ৰোল এপাচি এ এইছ ৬৪ হেলিকপ্টাৰে নিশাৰ ভাগতো বহু দূৰলৈ নিৰীক্ষণ কৰিব পাৰে।

ভাৰতে ২০১৫ চনতে ব’য়িং কোম্পানীৰ পৰা ২২ খন এপাচি  হেলিকপ্টাৰৰ বাবে চুক্তি স্বাক্ষৰ কৰিছিল।

২০১৯ চনত ব’য়িং কোম্পানীয়ে ভাৰতক ১৭ খন এপাচি হেলিকপ্টাৰ যোগান ধৰে।

বাকী ৫ খনহেলিকপ্টাৰ চলিত বৰ্ষৰ মাৰ্চ মাহত যোগান ধৰাৰ কথা আছিল যদিও ক’ৰ’ণাতংকৰ বাবে সেয়া হৈ উঠা নাই।

লাডাখ সীমান্তলৈ ভাৰতে সাৰথ শ্ৰেণীৰ মিছাইলো প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।

সীমান্তৰ বাট-পথ আদিৰ উন্নয়নতো ভাৰতে যথেষঠ গুৰত্ব দিয়া দেখা গৈছে।

চীনে লাডাখ সীমান্তত কিউ এছ শ্ৰেণীৰ মিছাইল স্থাপন কৰাৰ খবৰ পোৱাৰ পিছতে ভাৰতেও হাত সাৱটি বহি থকা নাই ।

চীনক প্ৰত্যুত্তৰ দিবলৈ সাজু হৈছে ভাৰতো।

Related News