NORTHEAST NOW (Assamese)
অসম

দহ দিনৰ মূৰত বজালীত পুনৰ বানৰ তাণ্ডৱ : বানে বুৰাই পেলাইছে বিস্তৃণ অঞ্চল

Posted by: শশাংক তালুকদাৰ Updated by: শশাংক তালুকদাৰ July 7, 2020 4:07 pm
IMG_20200707_153010

বজালী মহকুমাৰ অকয়াত পুনৰ বানৰ তাণ্ডৱ{

মাত্র দহটা দিনৰ ভিতৰতে দ্বিতীয়টো বানে বুৰাই পেলাইছে বজালীৰ বিস্তৃণ অ ঞ্চল।

ভগ্ন মথাউৰি নিৰ্মাণ নকৰাৰ ফলত কালদিয়া নৈৰ বাঢ়নী পানীয়ে দ্বিতীয়বাৰৰ বাবে প্লাৱিত হৈছে বিস্তীৰ্ণ অঞ্চল।

উল্লেখ্য যে, অকয়া গাঁৱত যোৱা ২৭ জুনত কালদিয়া নৈয়ে কালৰূপ ধৰি উটুৱাই নিছিল মথাউৰি।

কালদিয়াৰ বাঢ়নী পানীয়ে অকয়া, ৰিহাবাৰী আদি গাঁও বুৰাই পেলোৱাৰ লগতে কেইবা শ বিঘা কৃষিভূমি সম্পূৰ্ণৰূপে বুৰাই পেলাইছে।

বাঢ়নী পানীয়ে বুৰাই পেলাইছে পাটাছাৰকুছি-শিমলা সংযোগী শ্বহীদ মদন-ৰাউতা গড়কাপ্তানি পথ।

অকয়া ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰও ডুব গৈছে বানত।

ভগ্ন মথাউৰি পুনৰ নিৰ্মাণ নকৰাৰ ফলত এতিয়া বাৰে বাৰে বানত ডুবি সৰ্বস্বান্ত হৈছে অকয়া, ৰিহাবাৰী, দৈশিঙৰী আদি গাঁৱৰ ৰাইজ।

অঞ্চলৰ বন্যাৰ্তই চৰকাৰক ডালি, চাউল ইত্যাদি খাদ্যসমগ্রীৰ সহায্যৰ পৰিৱৰ্তে সোনকালে ভগ্ন মথাউৰি নিৰ্মাণ কৰিবলৈ দাবী জনাইছে।।