NORTHEAST NOW (Assamese)
দেশ

“গুজৰাটত প্ৰতিদিনে হিংসাত্মক ঘটনা চলাহেতেঁন আপুনি কি কৰিলেহেতেঁন?” অমিত শ্বাহলৈ চিঠি মণিপুৰৰ বিধায়কৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 11, 2024 1:50 pm
“গুজৰাটত প্ৰতিদিনে হিংসাত্মক ঘটনা চলাহেতেঁন আপুনি কি কৰিলেহেতেঁন?” অমিত শ্বাহলৈ চিঠি মণিপুৰৰ বিধায়কৰ

আকৌ হিংসাত জ্বলিছে মণিপুৰ। যোৱা কিছুদিনত একাধিক সংঘৰ্ষত কমেও ১০ জন লোকৰ মৃত্যু হৈছে ৰাজ্যখনত। তিনিখনকৈ জিলাত জাৰি কৰা হৈছে কাৰ্ফিউ। বন্ধ কৰি দিয়া হৈছে ইণ্টাৰনেট সেৱা।

এনে পৰিস্থিতিত অশান্তি ৰোধ কৰিবলৈ মণিপুৰ কংগ্ৰেছৰ বিধায়ক এ বিমল আকোইজামে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহলৈ এখন পত্ৰ লিখিছে। তেওঁ শ্বাহক হিংসা ৰোধৰ বাবে ‘কাৰ্যকৰী ব্যৱস্থা’ গ্ৰহণ কৰিবলৈ দাবী জনাইছে।

গৃহমন্ত্ৰীলৈ লিখা এখন পত্ৰত আকোইজামে মণিপুৰৰ বৰ্তমানৰ পৰিস্থিতিক ‘নজীৰবিহিন হিংসা’ বুলি অভিহিত কৰিছে। তেওঁ লিখিছে, “বৰ্তমানৰ পৰিস্থিতিয়ে ১৯৪৭ চনত ভাৰত বিভাজনৰ স্মৃতি মনত পেলাই দিয়ে।

কটুক্তিৰ সুৰত কংগ্ৰেছ নেতাগৰাকীয়ে লিখে যে মণিপুৰত যি চলি আছে সেয়া গুজৰাটৰ গৃহমন্ত্ৰীয়ে ভাল নাপাব। প্ৰশাসনৰ তত্বাৱধানত ইমান ডাঙৰ সংকট দুখজনক। লগতে লিখিছে, বেদনাৰে সোঁৱৰাই দিবলৈ বাধ্য, ধাৰাবাহিক হিংসাৰ ফলত কেইবাশ লোকৰ মৃত্যু হৈছে, ৬০ হাজাৰ লোক গৃহহীন। মণিপুৰৰ বহু লোকে সাহায্য শিবিৰত দিন পাৰ কৰিছে।

দুয়োটা গোটৰ মাজত আকৌ সংঘৰ্ষ আৰম্ভ হৈছে। সকলো ধৰণৰ অস্ত্ৰ-শস্ত্ৰৰ মাৰাত্মক ব্যৱহাৰ হৈছে। দীৰ্ঘদিন ধৰি এই পৰিস্থিতিৰ বাবে ৰাজ্যৰ অৰ্থনীতিৰ পতন ঘটিছে। কংগ্ৰেছ বিধায়কৰ প্ৰশ্ন, দিনৰ পিছত দিন এনে হিংসা, সংকটৰ পৰিস্থিতি উত্তৰ প্ৰদেশ, বিহাৰ, পঞ্জাৱ, মহাৰাষ্ট্ৰৰ দৰে মূলসূতিৰ ভাৰতত চলি থাকিবলৈ দিয়া হ’লহেতেঁন নে?

চিঠিখনৰ শেষ অংশত কংগ্ৰেছৰ বিধায়কগৰাকীয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰীক প্ৰকৃতিৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ অনুৰোধ জনাইছে। অবৈধ অনুপ্ৰৱেশকাৰী বা বিদেশীয়ে সংঘাতত ইন্ধন যোগাইছে নে নাই, ড্ৰাগছ মাফিয়া জড়িত আছে নে নাই তাক তদন্ত কৰাৰ লগতে হিংসা ৰোধ কৰিবলৈ নিৰাপত্তাৰক্ষীক সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ দাবী জনায়।