NORTHEAST NOW (Assamese)

অসম চৰকাৰে ষড়যন্ত্ৰ কৰি জিগনেছ মেৱানীক গ্ৰেপ্তাৰ কৰাইছে: ভূপেন বৰা

April 21, 2022 5:10 pm · জাহ্নৱী বৰুৱা, গুৱাহাটী

বৃহস্পতিবাৰে এক সংবাদমেল যোগে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই অসম চৰকাৰে ষড়যন্ত্ৰ কৰি জিগনেছ মেৱানীক গ্ৰেপ্তাৰ কৰাইছে বুলি মন্তব্য প্ৰকাশ কৰে।

তেওঁ কয়, “অসম আৰক্ষীৰ দলে বুধবাৰে নিশা প্ৰায় ১১:৩০ বজাত দলিত নেতাজনক পালনপুৰ চাৰ্কিট হাউচৰ পৰা গ্ৰেপ্তাৰ কৰে। অসম আৰক্ষীয়ে তেওঁক এতিয়ালৈকে এজাহাৰৰ প্ৰতিলিপি প্ৰদান কৰা নাই। কেৱল এইটো কয় যে, জিগনেশ মেৱানীৰ বিৰুদ্ধে অসমত কিছুমান গোচৰ ৰুজু কৰিছে।”

তেওঁ পুনৰ কয়, “জিগনেশ মেৱানী আৰম্ভণিৰে পৰা বিজেপিৰ এজন কঠোৰ সমালোচক। গুৱাহাটীত ১২ দিনত ১৩ টা হত্যাকাণ্ড তথা ঘৰৰ ওচৰত মানুহ গুলিয়াই মৰা সেইবোৰত কিন্তু অসম পুলিচে তৎকালীন পদক্ষেপ ল’ব পৰা নাই । অথচ এটা টুইটৰ বাবে এজন বিধায়কক অসমৰ পৰা গৈ গ্ৰেপ্তাৰ কৰিছে। সেয়েহে অসম পুলিচক ৰাজনীতিৰ হাতিয়াৰ হিচাপে কাম নকৰিবলৈ অনুৰোধ জনাইছো।”

লগতে পঢ়ক: প্রতিবছৰে অসম জাতীয় পৰিষদে পালন কৰিব ভাষা গৌৰৱ দিৱস

“গুজৰাট নিৰ্বাচন সমাগত, তাত জিগনেশ মেৱানীৰ এটা প্ৰভাৱ আছে আৰু সেই প্ৰভাৱ অক্ষুণ্ণ থাকিব। কেইবাজনো কংগ্ৰেছৰ অধিবক্তা কোকৰাঝাৰলৈ গৈছে জিগনেশ মেৱানীৰ বাবে। অসম কংগ্ৰেছেও যি কোনো প্ৰকাৰে সহায় কৰিব। লাগিলে অসম পুলিচৰ বিৰুদ্ধে আমি আন্দোলন গঢ়ি তুলিম। কংগ্ৰেছক ভয় খুৱাব বিচাৰিছে কিন্তু কংগ্ৰেছে ভয় নাখায়। ভয় খোৱা হ’লে ভাৰতবৰ্ষই স্বাধীনতাই নাপালেহেঁতেন,’’-ভূপেন বৰাই লগতে কয়।” 

Related News