NORTHEAST NOW (Assamese)

নুমলীগড় শোধনাগাৰ আন্দোলন কৰি পোৱা নহয়, প্ৰয়াত ৰাজীৱ গান্ধীৰ অৱদান : তৰুণ গগৈ

October 30, 2019 3:42 pm · উত্তম শইকীয়া
Updated: October 30, 2019 3:44 pm
নুমলীগড়ত প্ৰতিবাদী কাৰ্য্যসূচীত তৰুণ গগৈ।

‘‘নুমলীগড় শোধনাগাৰ আন্দোলন কৰি পোৱা নহয়। এই শোধনাগাৰ প্ৰয়াত প্ৰধান মন্ত্ৰী ৰাজীৱ গান্ধীৰ অৱদান আছিল’’ নুমলীগড় তেল শোধনাগাৰ ব্যক্তিগতকৰণৰ বিৰোধিতাৰে বুধবাৰে নুমলীগড়ত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে এনেদৰে মন্তব্য কৰে।

কেন্দ্ৰ চৰকাৰৰ নুমলীগড় শোধনাগাৰ ব্যক্তিগতকৰণৰ বিৰেধিতাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিতিয়ে আজি বোকাখাত মহকুমাৰ নুমলীগড় তিনি আলিত দিন জোৰা ধৰ্ণা কাৰ্যসূচী পালন কৰে।

৩৭ নং আৰু ৩৯ নং ৰাষ্ট্ৰীয় পথৰ সংযোগ স্থলত অসম প্ৰদেশ কংগ্ৰেছ কমিতিয়ে সহস্ৰাধিক দলীয় সমৰ্থকৰ সৈতে ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ন কৰে।

প্ৰতিবাদী কাৰ্য্যসূচীত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ, সাংসদ গৌৰৱ গগৈ, ৰিপুণ বৰা, প্ৰদ্যুত বৰদলৈ, বিধায়ক ৰকিবুল হুছেইন, দেবব্ৰত শইকীয়া, গোলাঘাটৰ বিধায়িকা অজন্তা নেওঁগ, অপূৰ্ব ভট্টাচাৰ্য্য, বৰাকৰ কংগ্ৰেছ নেত্ৰী সুস্মিতা দেৱৰ উপৰিও প্ৰদেশ কংগ্ৰেছৰ শতাধিক শীৰ্ষ স্থানীয় নেতা উপস্থিত থাকে।

অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা কংগ্ৰেছ দলৰ সহস্ৰাধিক সমৰ্থকে অংশ গ্ৰহণ কৰি নুমলীগড় শোধনাগাৰ ব্যক্তিগত খণ্ডৰ হাতত গটোৱা পৰিকল্পনাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি পৰিৱেশ উত্তাল তৰি তোলে।

ধৰ্ণা কাৰ্য্যসূচীত দলীয় সমৰ্থকক উদ্দেশ্যি দিয়া ভাষণত প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, প্ৰদ্যুৎ বৰদলৈ, গৌৰৱ গগৈ, অপূৰ্ব ভট্টচাৰ্য্য আৰু মহিলা কংগ্ৰেছৰ সুস্মিতা দেৱে কেন্দ্ৰৰ মোদী চৰকাৰ আৰু সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন অসম চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে।

ভাৰতীয় মহিলা কংগ্ৰেছৰ নেত্ৰী সুস্মিতা দেৱে নুমলীগড় শোধনাগাৰ হিমন্ত বিশ্ব শৰ্মাৰ পৈত্ৰিক সম্পত্তি নহয় বুলি মন্তব্য কৰি ৰাজ্যৰ উন্নয়নৰ বাবে কংগ্ৰেছ দলেহে নুমলীগড় শোধনাগাৰ প্ৰতিষ্ঠা কৰিছিল বুলি কয়।

কংগ্ৰেছ নেত্ৰীগৰাকীয়ে নুমলীগড় শোধনাগাৰ বিক্ৰী কৰাৰ অধিকাৰ বিজেপি দলৰ নাই বুলিও মন্তব্য কৰে।

Related News