NORTHEAST NOW (Assamese)
Popular Stories

মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰীৰ বিৰুদ্ধে সৰব কংগ্ৰেছ; ন্যায়াধীশৰ দ্বাৰা তদন্তৰ দাবী

Posted by: পার্শ্বজোতি গগৈ, শিৱসাগৰ Updated by: পার্শ্বজোতি গগৈ, শিৱসাগৰ January 18, 2022 2:17 pm
Congress press meet

শিৱসাগৰৰ ৰাজীৱ ভৱনত মঙলবাৰে অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ মনোৰঞ্জন বৰগোঁহাইয়ে এখন সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰীৰ বিৰুদ্ধে সৰৱ হৈ উঠে।

সংবাদমেলত মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বিৰুদ্ধে উত্থাপন হৈ থকা ভূমি কেলেংকাৰীৰ সন্দৰ্ভত উচিত তদন্তৰ দাবী কৰে।

উচ্চ ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশৰ দ্বাৰা ভূমি কেলেংকাৰীৰ তদন্তৰো দাবী তোলে প্ৰদেশ কংগ্ৰেছে।

ইতিপূৰ্বে ভূমি কেলেংকাৰীৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে যদিও এই পৰ্যন্ত তদন্ত নকৰাত আইন সকলোৰে বাবে সমান নহয় নেকি বুলিও প্ৰশ্ন উত্থাপন কৰিছে অসম প্ৰদেশ কংগ্ৰেছে।‌

লগতে পঢ়ক: Covid Update: অসমতো কৰ’নাৰ ৰঙা চকু! ২৪ ঘন্টাতে আক্ৰান্ত প্ৰায় ৭হাজাৰ; ১১গৰাকীৰ মৃত্যু

অনাগত দিনত অসম চৰকাৰ তথা প্ৰশাসনে উত্থাপিত ভূমি কেলেংকাৰীৰ সন্দৰ্ভত উচিত তদন্ত নকৰিলে উচ্চতম ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল কৰিবলৈ পদক্ষেপ ল’ব বুলিও সংবাদমেলত সদৰি কৰে মনোৰঞ্জন বৰগোঁহাইয়ে।