NORTHEAST NOW (Assamese)
Popular Stories

আদানী কেলেংকাৰীত নাম সাঙোৰ খোৱা এজুৰ পাৱাৰ প্রাইভেট লিমিটেড সন্দৰ্ভত তথ্য ৰাজহুৱা কৰিবলৈ অস্বীকাৰ এপিডিচিএলৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 21, 2024 9:42 pm

অসম চৰকাৰে বিতৰ্কিত “এজুৰ পাৱাৰ প্রাইভেট লিমিটেড” আৰু এজুৰ পাৱাৰৰ লগত অসম শক্তি বিতৰণ কোম্পানি ( এ. পি. ডি. চি. এল) ৰ সম্পর্কৰ বিষয়ত কোনো তথ্য ৰাজহুৱা কৰিবলৈ অস্বীকাৰ কৰে। ৰাজহুৱা বিষয় এটাৰ তথ্য ব্যৱসায়িক গোপনীয়তাৰ অজুহাত দেখুৱাই ৰাজহুৱা নকৰাটো অতি আশ্চর্যকৰ বিষয়।

নিশ্চিতভাবে কিবা খেলি – মেলি থাকিলেহে এনেদৰে তথ্যৰ গোপনীয়তা ৰখা হয় । এজুৰ পাৱাৰৰ লগতো অসম চৰকাৰৰ কিবা খেলি – মেলি সম্পর্ক আছে বুলি সন্দেহ হয় আৰু সেয়েহে তথ্য গোপনীয়ভাবে ৰখাৰ চেষ্টা কৰিছে – এই অভিযোগ সামাজিক অধিকাৰ আন্দোলনৰ কৰ্মী সুব্রত তালুকদাৰৰ।

উল্লেখযোগ্য যে যোৱা ১ ডিচেম্বৰ, ২০২৪ ইং তাৰিখে তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে মূলতঃ ৩ টা বিষয়ৰ ওপৰত সুব্রত তালুকদাৰৰ নামত এখন আৰ.টি.আই অসম শক্তি বিতৰণ কোম্পানিলৈ প্রেৰণ কৰা হৈছিল। বিষয়কেইটা আছিল এনেধৰণৰ : ১: এজুৰ পাৱাৰ কোম্পানিয়ে অসমত স্থাপন কৰা সৌৰশক্তি প্লান্টৰ সবিশেষ , যৰ পৰা এপিডিচিএলে বিদ্যুৎ ক্ৰয় কৰে, ২: এজুৰ পাৱাৰৰ দ্বাৰা স্থাপন কৰা সৌৰশক্তি প্লান্টৰ পৰা এপিডিচিএলে ক্ৰয় কৰি শক্তি/ বিদ্যুৎৰ সবিশেষ আৰু ৩: এজুৰ পাৱাৰ আৰু এপিডিচিএল ৰ মাজৰ শক্তি ক্ৰয় চুক্তি ( Power Purchase Agreement) কিন্তু এপিডিচিএলে তথ্য জনাৰ অধিকাৰ আইনৰ অধীনৰ দফা ৮ (১) (d) ৰ অজুহাত দেখুৱাই এই তথ্যসমূহ দিয়াৰ পৰা বিৰত থাকে। তথ্য জনাৰ অধিকাৰ আইনৰ এই দফাটোৰ মতে ব্যবসায়ীক গোপনীয়তাথাকিলে তথ্যসমূহ ৰাজহুৱা কৰিব নোৱাৰি।

কিন্তু ৰাজহুৱা খণ্ডৰ সৈতে জড়িত বিষয় এটাৰ কি ব্যবসায়ীক গোপনীয়তা থাকিব পাৰে সেইটোহে আচৰিত বিষয়। আনহাতে এজুৰ পাৱাৰ আৰু এপিডিচিএলৰ মাজৰ শক্তি ক্ৰয় চুক্তি ( Power Purchase Agreement) খন এপিডিচিএলৰ লগত নাই বুলি আৰটিআইখনত উল্লেখ কৰে। এইটোও এটা আচৰিত বিষয়।

উল্লেখযোগ্য যে এই এজুৰ পাৱাৰ প্রাইভেট লিমিটেডৰ এটা প্লান্ট বহুওৱাৰ নামত নগাঁও মিকিৰ বামুণীত থলুৱা কৃষকৰ খেটি মাটি প্রশাসনৰ সহযোগত বলপূৰ্বক অধিগ্রহণ কৰা হৈছিল আৰু আদানী সৌৰ শক্তি কেলেংকাৰীৰ লগত এজুৰ পাৱাৰৰ নামো সাঙোৰ খাইছিল।