NORTHEAST NOW (Assamese)
অসম

নগাঁৱত বিদ্যুৎস্পৃষ্ট মৃত্যুৰ ক্ষোভৰ জুইৰ মাজতে সঞ্চালকক বদলি এ’পিদিচিএল-ৰ

Posted by: এন ই নাও নিউজ September 21, 2018 8:43 pm
Nagaon-electrocution-750x375

নগাঁৱৰ ৰুপহীহাটত বিদ্যুতত লাগি ৬গৰাকীকৈ লোকে কৰুণভাৱে মৃত্যুক সাৱটিব লগা ঘটনাক লৈ চৰকাৰবিৰোধী ক্ষোভৰ জুইৰ মাজতে শুকুৰবাৰে অসম বিদ্যুৎ বিতৰণ কোম্পানি লিমিটেদ (APDCL)ৰ পৰিচালন সঞ্চালক পদৰ পৰা বদলি কৰা হৈছে আই এ’ এছ বিষয়া পুৰু গুপ্তাক।

গুপ্তাক উদ্যোগ আৰু বাণিজ্য বিভাগৰ আয়ুক্ত সচিবৰূপে নিযুক্তি দিয়াৰ বিপৰীতে গৃহ আৰু ৰাজনৈতিক বিভাগৰ অতিৰিক্ত সচিব ৰাকেশ আগৰৱালাক গতোৱা হৈছে নৈমিত্তিক জনৰোষৰ সন্মুখীন হৈ অহা এ’পিদিচিএল।

ৰুপহীহাটৰ মৰ্মান্তিক ঘটনাটোক লৈ বিদ্যুৎ বিভাগৰ ৩গৰাকী কৰ্মচাৰীৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিছে অসম চৰকাৰে। বিভাগীয় সূত্ৰ অনুসৰি এ’পিদিচিএল-ৰ উপ সংমণ্ডল বিষয়া পল্লৱ দাস, ফখ্ৰুল ইছলাম নামৰ এজন কৰ্মচাৰী আৰু এগৰাকী কনিষ্ঠ অভিযন্তাক কৰ্তব্যত গাফিলতিৰ বাবে বৰ্খাস্ত কৰা হৈছে।

লগতে পঢ়ক নগাঁৱৰ ৰূপহীহাটত ভয়ংকৰ ঘটনা, বিদ্যুতৰ ছিগা তাঁৰ পৰি মৃত্যু ৬জনকৈ লোকৰ

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঘটনাটোৰ তৎকালীন তদন্ত কৰি প্ৰতিবেদন দাখিলৰ নিৰ্দেশ দিছে অতিৰিক্ত মুখ্য সচিব তথা এ’পিদিচিএল-ৰ অধ্যক্ষ জিষ্ণু বৰুৱাক।

আনহাতে ঘটনাথলীত শুকুৰবাৰে ৰাইজৰ ব্যাপক প্ৰতিবাদৰ সন্মুখীন হ’ব লগা হয় শক্তি মন্ত্ৰী তপন গগৈ। ঘটনাটোৰ পিছতে মুখ্য মন্ত্ৰীৰ নিৰ্দেশত ঘটনাথলীত উপস্থিত হৈছিল মন্ত্ৰী গগৈ।

শুকুৰবাৰে আগবেলাই ঘটনাথলীত উপস্থিত হোৱা জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই নিহতসকলৰ পৰিয়াললৈ ২.৫ লাখকৈ টকাৰ সাহায্য ঘোষণা কৰিছিল।