NORTHEAST NOW (Assamese)
অসম

মাত্ৰ ২৫০ টকা খৰচ কৰি লাভ কৰিব পাৰিব এপ’ল’ৰ বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ, কেনেকৈ?

Posted by: এন ই নাও নিউজ,গুৱাহাটী Updated by: এন ই নাও নিউজ,গুৱাহাটী March 3, 2022 9:44 am

স্বাস্থ্যখণ্ডৰ দেশৰ আগশাৰীৰ সংস্থা এপ’ল’ই আৰম্ভ কৰিছে এক বিশেষ এপ।

এতিয়াৰে পৰা এই এপৰ জৰিয়তে মাত্ৰ ২৫০ টকা খৰচ কৰিয়েই এপ’ল’ বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ ঘৰতে বহি গ্ৰহণ কৰিব পৰা যাব।

এপ’ল’ 24|7 শীৰ্ষক এপ ব্যৱহাৰ কৰি সকলোৱে এতিয়া বিশেষজ্ঞ চিকিৎসকসকলৰ পৰামৰ্শ গ্ৰহণ কৰিব পাৰিব ।

এপ’ল’ৰ তৰফৰ পৰা কোৱা হৈছে যে ” এই এপ ব্যৱহাৰকাৰীসকলে বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শৰ দ্বাৰা লাভান্বিত হ’ব, বিশেষকৈ সৰু-সুৰা ৰোগৰ ক্ষেত্ৰত এনে পৰামৰ্শই সকলোকে উপকৃত কৰিব’।

এপ’ল’ই প্ৰতিষ্ঠানটোৰ এনে পদক্ষেপক ভাৰতক উন্নত স্বাস্থ্যসেৱাৰ দিশত আগুৱাই নিয়াৰ এক ডাঙৰ পদক্ষেপ বুলি অভিহিত কৰিছে।

এপ’ল’ৰ এপ’ল’ 24|7 এপ বিনামূলীয়াকৈ ডাউনলোড কৰিব পৰা যাব।