NORTHEAST NOW (Assamese)
অসম

আমেৰিকাৰ ভেটোৰ বাবে থমকি ৰ’ল গাজাত ৰাষ্ট্ৰসংঘৰ মানৱীয় যুদ্ধবিৰতিৰ প্ৰস্তাৱ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 9, 2023 1:09 pm

গাজাত ইজৰাইল আৰু হামাছৰ মাজত যুদ্ধবিৰতি সন্দৰ্ভত সংযুক্ত আৰব আমিৰশ্বাহীয়ে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদলৈ অনা প্ৰস্তাৱৰ ওপৰত ভেটো প্ৰদান কৰিলে আমেৰিকাই। নিৰাপত্তা পৰিষদৰ ১৫ জন সদস্যৰ ভিতৰত তেৰজনে এই প্ৰস্তাৱৰ সপক্ষে ভোটদান কৰে।

আমেৰিকাই ইয়াৰ বিৰুদ্ধে ভোট দিলে যদিও ব্ৰিটেইনে হামাছে সংঘটিত কৰা অত্যাচাৰক গৰিহণা নিদিয়াৰ বাবে এই প্ৰস্তাৱত ভোটদানৰ পৰা বিৰত থাকিল।

লগতে পঢ়কঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ পুত্ৰৰ বিৰুদ্ধে এইবাৰ কৰ ফাঁকিৰ গোচৰ; হ’ব পাৰে ১৭ বছৰ জে’ল

উল্লেখ্য যে আমেৰিকাই এই যুদ্ধবিৰতিৰ অহৰহ বিৰোধিতা কৰি আহিছে। ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ’ গুটেৰেছে ইয়াৰ পূৰ্বে কৈছিল যে গাজাৰ পৰিস্থিতি অত্যন্ত উদ্বেগজনক।

ইপিনে, ভেটো প্ৰয়োগ কৰিলেও আমেৰিকাৰ বিদেশ মন্ত্ৰী এণ্টনি ব্লিংকেনে ইজৰাইলক ইয়াৰ নাগৰিকসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ আহ্বান জনায়।

লগতে পঢ়কঃ অভূতপূৰ্ব! আমাৰ সূৰ্য্যটো দেখিবলৈ কেনেকুৱা? দেখুৱাই দিলে সৌৰযান আদিত্যই

আনহাতে, ইজৰাইলে আমেৰিকাৰ এই পদক্ষেপৰ বাবে পুনৰ বাইডেন চৰকাৰক ধন্যবাদ জনায়। ৰাষ্ট্ৰসংঘত ইজৰাইলৰ প্ৰতিনিধি গিলেণ্ড আৰ্ডেনে কয় যে সকলো পণবন্দীক মুকলি কৰি দিলেহে যুদ্ধবিৰতিৰ কথা বিবেচনা কৰা হ’ব।