NORTHEAST NOW (Assamese)
অসম

বিজেপিৰ প্ৰাক্তন সম্পাদক ৰাজীৱ শইকীয়াৰ বিজেপি দল ত্যাগ

Posted by: মীনাক্ষী ফুকন,গোলাঘাট Updated by: মীনাক্ষী ফুকন,গোলাঘাট November 20, 2021 4:57 pm

যিটো সময়ত ৰাজ্যৰ বিভিন্ন দল-সংগঠনৰ নেতা-পালিনেতা তথা বিধায়কে বিজেপি গমন কৰিছে ,তেনে সময়তে গোলাঘাটত বিজেপিৰ প্ৰাক্তন সম্পাদকে দল ত্যাগ কৰিছে ।

বিজেপিৰ ভাল দিনত গোলাঘাটত বিজেপিৰ পৰা দলত্যাগ কৰিছে প্ৰাক্তন ৰাজ্যিক কাৰ্যনিবাহক সদস্য, গোলাঘাট জিলাৰ তিনিবাৰৰ প্ৰাক্তন সম্পাদক ৰাজীৱ শইকীয়াই।

আজি আনুষ্ঠানিকভাৱে বিজেপি দল ত্যাগ কৰে বিজেপি নেতাজনে ।বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতালৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰাৰ পিছতেই এক সংবাদমেলৰ জৰিয়তে বিজেপিৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক নেতৃত্বৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে প্ৰাক্তন নেতাজন।

শইকীয়াই অভিযোগ আনি বিজেপিত এতিয়া নীতি আৰু আদৰ্শৰ অভাৱ বুলি বিস্ফোৰক মন্তব্য কৰে।
ইয়াৰোপৰি বিজেপিক মিথ্যাচাৰৰ দল আখ্যা দি পূৰ্বে দিয়া প্ৰতিশ্ৰুতি ৰক্ষাত কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ ব্যৰ্থ বুলিও আন এক অভিযোগ কৰে।

উল্লেখ্য যে যোৱা বিধানসভা নিৰ্বাচনত বিজেপি দলৰ হৈ সৰুপথাৰ বিধানসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল ৰাজীৱ শইকীয়া।