NORTHEAST NOW (Assamese)
ক্ৰীড়া

পুনৰ ক্ৰিকেট ফিল্ডত নামিব দাদা! ঘৰুৱা ইডেন গাৰ্ডেনত ক্ৰিকেট ফিল্ডলৈ প্ৰত্যাৱৰ্তন ঘটিব সৌৰভ গাঙ্গুলীৰ!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 20, 2021 4:58 pm
Sourav Ganguly to appear with bat in hand at Eden Garden

২২ গজৰ বেট-বলৰ যুদ্ধত পুনৰ অৱতীৰ্ণ হ’ব ক্ৰিকেট জগতত দাদা হিচাপে পৰিচিত সৌৰভ গাঙ্গুলী। ইডেন গাৰ্ডেনে পুনৰ ‘অফচাইডৰ ঈশ্বৰ’ ৰ বেটিং বিক্ৰম পৰিদৰ্শন কৰিবলৈ সুযোগ পাব। দৰ্শকে পুনৰ চাবলৈ সুযোগ পাব বাঁওহতীয়া বেটাৰজনৰ ‘ক্লাছিক’ বেটিং।

আচৰিত যেন লাগিলেও ই সত্য।বিজ্ঞাপনৰ চমক নহয়, সঁচাকৈয়ে ক্ৰিকেটলৈ উভতি আহিছে প্ৰাক্তন ভাৰতীয় অধিনায়ক দাদা।

দৰাচলতে বিচিচিআইৰ বৰ্তমানৰ সভাপতি গাঙ্গুলীয়ে এখন প্ৰদৰ্শনী মেচত খেলপথাৰত অৱতীৰ্ণ হ’ব। পৰিষদৰ বাৰ্ষিক সাধাৰণ সভা ৪ ডিচেম্বৰত কলকাতাত অনুষ্ঠিত হ’ব।

সভাত উপস্থিত থাকিবলৈ পৰিষদৰ বিষয়াসকল দুদিন আগতে কলকাতাত উপস্থিত হ’ব। বাৰ্ষিক সভাৰ ঠিক আগতে ৩ ডিচেম্বৰত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (বিচিচিআই) ক্ৰিকেটৰ নন্দন কানন হিচাপে পৰিচিত ইডেন গাৰ্ডেনত এখন বিশেষ প্ৰদৰ্শনী মেচ আয়োজন কৰিছে।

সেই মেচখনত অংশ ল’ব সৌৰভ গাঙ্গুলীয়ে। ফলস্বৰূপে তেওঁৰ অনুৰাগীসকলে আকৌ এবাৰ প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰগৰাকীক বেটিং কৰা দেখিবলৈ সুযোগ পাব। যোৱা বছৰো আহমেদাবাদত বোৰ্ডৰ বিষয়াসকলৰ এনে এখন খেল অনুষ্ঠিত হৈছিল। এইবাৰ একেখন খেল ইডেনত অনুষ্ঠিত হ’ব।

লগতে উল্লেখযোগ্য যে কৰ’ণা মহামাৰীৰ পৰিপ্ৰেক্ষিতত প্ৰায় দুবছৰৰ পিছত দেওবাৰে ইডেন গাৰ্ডেনত ক্ৰিকেট মেচ অনুষ্ঠিত হ’ব। ভাৰত আৰু নিউজিলেণ্ডৰ মাজত চলিত টি-২০ শৃংখলাৰ অন্তিম খন খেল ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’ব।

খেলখনৰ বাবে ষ্টেডিয়ামখন পুনৰ সাজু কৰি তোলা হৈছে। সৌৰভ গাংগুলীয়ে নিজেই শনিবাৰে প্ৰস্তুতি পৰিদৰ্শন কৰিছিল। তেওঁ আয়োজনৰ দায়িত্বত থকা পিচ কিউৰেটৰ আৰু আন বিষয়াসকলৰ সৈতে আলোচনাত মিলিত হৈছিল।