NORTHEAST NOW (Assamese)
অসম

এন আৰ চিক লৈ বিকৃত সংবাদ পৰিবেশন; অনুমতি নোহোৱাকৈ অসমত প্ৰৱেশ নিষিদ্ধ বিদেশী সাংবাদিকৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 4, 2019 3:59 pm
MHA Banned foreign journalist

ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীক কেন্দ্ৰ কৰি গৃহ মন্ত্ৰ্যালয়ে অসমক স্পৰ্শকাতৰ অঞ্চল হিচাপে ঘোষণা কৰাৰ লগতে ৰাজ্যত বিদেশী সাংবাদিকৰ প্ৰবেশত বাধা আৰোপ কৰা হৈছে।

জানিব পৰা মতে, ৱায়াৰ এজেঞ্চি এছোচিয়েট প্ৰেছ (এ পি)ৰ এগৰাকী মহিলা সাংবাদিকক অলপতে অসম আৰক্ষীয়ে পহৰা দি পৰৱৰ্তী বিমানত দিল্লীলৈ উভতি যাবলৈ নিৰ্দেশ দিছিল।

জম্মু-কাশ্মীৰ আৰু উত্তৰ-পূবৰ কেইখনমান ৰাজ্যত বাতৰি সংগ্ৰহৰ বাবে বিদেশী সাংবাদিকৰ প্ৰবেশ নিষিদ্ধ কৰি ৰখা হৈছে।

অসমৰ এন আৰ চি উন্নীতকৰণৰ বিষয়টো বিদেশী সংবাদগোষ্ঠীসমূহে বিকৃত ৰূপত উপস্থাপনক কেন্দ্ৰ কৰিয়ে গৃহ মন্ত্ৰ্যালয়ে বিদেশী সাংবাদিকক ৰাজ্যত প্ৰবেশত বাধা আৰোপ কৰিছে।

আনহাতে, যদিহে কোনো বিদেশী সাংবাদিকে সংবাদ সংগ্ৰহৰ বাবে অসমলৈ আহিব বিচাৰে তেন্তে তেওঁলোকে বৈদেশিক মন্ত্ৰ্যালয়ৰ অনুমতি ল’ব লাগিব।

তদুপৰি, বৈদেশিক মন্ত্ৰ্যালয়ৰ লগতে গৃহ বিভাগে অনুমতি দিলেহে অসমত বিদেশী সাংবাদিকে বাতৰি সংগ্ৰহৰ বাবে আহিব পাৰিব।