NORTHEAST NOW (Assamese)
অসম

ছোনিয়া গান্ধীৰ জন্মদিনত শুভেচ্ছাৰে উপচালে বিভিন্নজনে; কি লিখিলে প্ৰধানমন্ত্ৰী মোদীয়ে?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 9, 2023 12:25 pm

ৰাজনীতিত শত্ৰু! ৰাজনৈতিক মতাদৰ্শৰ পাৰ্থক্য আছে। কিন্তু সৌজন্যতাৰ অভাৱ হোৱা নাই। সেয়ে হয়তো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীক জন্মদিনৰ শুভেচ্ছা জনাবলৈ পাহৰা নাই।

শনিবাৰে পুৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইট কৰি প্ৰাক্তন কংগ্ৰেছ সভানেত্ৰীগৰাকীৰ ৭৭ সংখ্যক জন্মদিনৰ শুভেচ্ছা জনায়। ছোনিয়া গান্ধীক দিয়া শুভেচ্ছা বাৰ্তাত নমোৱে কি লিখিলে?

লগতে পঢ়কঃ ক’তো নিৰাপদ নহয়! পাছপ’ৰ্টৰ বাবে থানালৈ যোৱা মহিলা মূৰত গুলী; ‘ভুল কৰি’ গুলী চলোৱা আৰক্ষী বিষয়া পলাতক!

আজিৰ দিনটোতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে টুইটাৰযোগে ছোনিয়া গান্ধীৰ স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি লিখিছে, “ছোনিয়া গান্ধীজীক জন্মদিনত অভিনন্দন জ্ঞাপন কৰিলোঁ। তেওঁৰ সুস্থ আৰু দীৰ্ঘায়ু জীৱনৰ বাবে প্ৰাৰ্থনা কৰিছো।”

কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ পৰা আৰম্ভ কৰি কংগ্ৰেছৰ জ্যেষ্ঠ নেতা শশী থাৰুৰলৈকে দলৰ জ্যেষ্ঠ নেতাসকলেও ছোনিয়া গান্ধীক জন্মদিনৰ শুভেচ্ছা জনায়। শশী থাৰুৰে টুইটাৰত উল্লেখ কৰে যে ছোনিয়া গান্ধী সকলো দলৰ নেতা-কৰ্মীৰ বাবে প্ৰেৰণা।

আনহাতে, কে চি ভেনুগোপালে উল্লেখ কৰে যে কংগ্ৰেছৰ কঠিন সময়ত ছোনিয়া গান্ধীয়ে দলটোক অতুলনীয়ভাৱে নেতৃত্ব দিছিল আৰু তেওঁ আছিল ইউ পি এ চৰকাৰ আৰু দেশৰ কল্যাণমূলক কামৰ স্থপতি।

উল্লেখ্য যে যোৱা বছৰ ৰাজস্থানৰ ৰন্থামবুৰত ছোনিয়া গান্ধীৰ ৭৬ সংখ্যক জন্মদিন পালন কৰা হৈছিল। সেই সময়ত কংগ্ৰেছৰ ‘ভাৰত জোড়ো যাত্ৰা’ তাতেই চলি আছিল। ৰন্থামবুৰত পৰিয়াল আৰু দলীয় কৰ্মীৰ সৈতে জন্মদিন পালন কৰিছিল ছোনিয়া গান্ধীয়ে।