NORTHEAST NOW (Assamese)

অগপৰ লগত কংগ্রেছৰ কোনো গোপন বুজাবুজি নাই : ৰিপুন বৰা

April 5, 2019 7:36 am · মিটু খাটনিয়াৰ
Updated: April 5, 2019 5:03 pm
মাজুলীত প্ৰদেশ কংগ্ৰেছ সভাপতি ৰিপুন বৰাৰ নিৰ্বাচনী ভাষণ। ফটো : নৰ্থইষ্ট নাও

মাজুলীত দলীয় প্ৰাৰ্থী অনিল বুঢ়াগোঁহাইৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুন বৰাই।

বৃহস্পতিবাৰে হেলিকপ্তাৰ যোগে দিনৰ এক বজাত মাজুলীৰ কমলাবাৰীত উপস্থিত হোৱা কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কমলাবাৰীত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি বিপক্ষ বিজেপি আৰু অগপক ক্ষুৰধাৰ সমালোচনা কৰে।

এই নিৰ্বাচন ঐতিহাসিক নিৰ্বাচন বুলি কৈ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে বিজেপিৰ দৰে জাতিধ্বংসী দলক ভোট নিদিবলৈ আহ্বান জনায়।

অগপক সমালোচনা কৰি দলটোৱে অসমীয়া মানুহক মুৰ্খ সজাইছে বুলি মন্তব্য কৰে ৰিপুন বৰাই। অগপৰ লগত কংগ্ৰেছৰ কোনো গোপন বুজাবুজি নাই বুলি মন্তব্য কৰি ৰিপুন বৰাই নাগৰিকত্ব বিধেয়কে বিজেপিক শলঠেকত পেলাব বুলি কয়।

মুখ্য মন্ত্ৰীক বদন আখ্যা দি ৰিপুন বৰাই কংগ্ৰেছৰ লখিমপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী অনিল বুঢ়াগোঁহাইক ভোট দিবৰ বাবে আহ্বান জনায়।

Related News