NORTHEAST NOW (Assamese)

এপল আৰু গুগলক ৭টা চীনা এপ আঁতৰোৱাৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

July 4, 2026 2:22 pm · এন ই নাও নিউজ, গুৱাহাটী

কেন্দ্ৰীয় চৰকাৰে গুগল আৰু এপলক তেওঁলোকৰ এপ ষ্টৰৰ পৰা সাতটা চীনা এপ আঁতৰাবলৈ নিৰ্দেশ দিছে। চৰকাৰে যিবোৰ এপ আঁতৰাবলৈ কৈছে তাৰ ভিতৰত বেট-বিএমএছ (BAT-BMS), লছিজি (Lossigy) আৰু ইপক-আই-আয়ন (Epoch-i-ion) আদি অন্তৰ্ভুক্ত আছে। অভিযোগ অনুসৰি, এই এপসমূহৰ জৰিয়তে ই-ৰিক্সাকে ধৰি বেটাৰী চালিত বাহনসমূহক দূৰৰ পৰাই নিয়ন্ত্ৰণ কৰিব পৰা গৈছিল।

২০২০ চনত গালৱানত ভাৰত আৰু চীনৰ সেনাৰ মাজত হোৱা সংঘৰ্ষৰ পিছত চৰকাৰে বহুতো চীনা এপ নিষিদ্ধ কৰিছিল। সেইবোৰৰ পিছত এয়া প্ৰথমবাৰৰ বাবে গাড়ীৰ সৈতে জড়িত ডিভাইচৰ ডাটা সুৰক্ষা আৰু দূৰৰ পৰা বাহনত হস্তক্ষেপ কৰা আদি বিষয়ৰ ওপৰত ভিত্তি কৰি এপ নিষিদ্ধ কৰাৰ নিৰ্দেশ দিয়া হৈছে। বেটাৰী চালিত বাহনৰ সৈতে জড়িত অভিযোগৰ ভিত্তিত চৰকাৰে গ্ৰহণ কৰা এইটোৱেই হৈছে প্ৰথমটো বৃহৎ পদক্ষেপ।

চৰকাৰী সূত্ৰই জানিবলৈ দিয়া মতে, ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে সকীয়াই দিছে যে যদি আন কোনো এপ বেটাৰী চালিত বাহন নিয়ন্ত্ৰণ কৰিবলৈ ব্যৱহাৰ কৰা দেখা যায়, তেন্তে সেইবোৰো আঁতৰাই দিয়া হব। ব্লুটুথৰ জৰিয়তে চলা বেটাৰী মেনেজমেণ্ট ছিষ্টেম ব্যৱহাৰ কৰি ই-ৰিক্সা বন্ধ কৰি দিয়াৰ কিছুমান ভিডিঅপোহৰলৈ অহাৰ পিছতে চৰকাৰে এই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। এই ভিডিঅবোৰত দেখা গৈছিল যে ব্যৱহাৰকাৰীসকলে এপৰ জৰিয়তে বেটাৰী স্কেন কৰি তাৰ পাৱাৰ বন্ধ কৰি দিছিল, যাৰ ফলত চালকসকল মাজৰাস্তাতে আবদ্ধ হৈ পৰিছিল

ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ সচিব এছ. কৃষ্ণনে কয় যে বৃহস্পতিবাৰে কিছুমান এপ তেওঁলোকৰ চকুত পৰিছিল আৰু সেইবোৰ লগে লগে এপ ষ্টৰৰ পৰা আঁতৰাই দিয়া হৈছে। বিষয়াসকলে জনোৱা মতে বেট-বিএমএছৰ দৰে এপসমূহ ভল্টেজ আৰু চাৰ্জৰ স্থিতিৰ দৰে বেটাৰীৰ বিভিন্ন দিশ নিৰীক্ষণ কৰিবলৈ তৈয়াৰ কৰা হৈছিল। কিন্তু দুৰ্বল নিৰাপত্তা ব্যৱস্থাৰ সুযোগ লৈ এই এপসমূহৰ জৰিয়তে দূৰৰ পৰাই বাহনৰ পাৱাৰ চাপ্লাই বন্ধ কৰি দিব পাৰে।

Related News