NORTHEAST NOW (Assamese)

ইন্টেলিজেন্স ব্যুৰোত ২০০০ এছিষ্টেন্ট পদত নিযুক্তিৰ বাবে বিচৰা হৈছে আবেদন

December 25, 2020 2:34 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো।

এছিষ্টেন্ট চেন্ট্ৰেল ইন্টেলিজিন্স অফিচাৰ গ্ৰেড-২/এক্সিকিউটিভ নিযুক্তিৰ বিজ্ঞাপন প্ৰকাশ কৰিছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ ইন্টেলিজিন্স ব্যুৰো ৰিক্ৰুইটমেন্ট বোৰ্ডে প্ৰকাশ কৰিছে এই বিজ্ঞাপন।

অহা ৯ জানুৱাৰি অন্তিম দিন ধাৰ্য কৰা ইয়াৰ বাবে প্ৰাৰ্থীসকলে অনলাইন যোগে আবেদন কৰিব লাগিব।

উক্ত দিনৰ ভিতৰতেই আবেদনকাৰী প্ৰাৰ্থীসকলে অনলাইন মাছুল জমা দিব লাগিব। এছ বি আইৰ চালানৰ জৰিয়তে আবেদন মাছুল জমা দিয়াৰ অন্তিম দিন হৈছে ১২ জানুৱাৰি।

মুঠ ২০০০ পদৰ বাবে আবেদন আহ্বান কৰা এই পদৰ বাবে সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীয়ে ৬০০টকা আৰু এছ চি/এছ টি/মহিলাসকলে ৫০০টকা মাছুল জমা দিব লাগিব।

প্ৰাৰ্থী কোনো স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক আৰু কম্পিউটাৰৰ জ্ঞান থকা হ’ব লাগিব।

আবেদনকাৰী সাধাৰণ শ্ৰেণীৰ প্ৰাৰ্থীৰ বয়স ১৮-২৭ বছৰ হোৱাৰ বিপৰীতে এছ চি/এছ টি প্ৰাৰ্থীৰ বাবে এই বয়স ১৮-৩২বছৰ।

উক্ত পদৰ বাবে দৰমহাৰ নিৰিখ ৪৪,৯০০টকাৰ পৰা ১,৪২,৪০০টকা।

প্ৰাৰ্থী নিৰ্বাচনৰ বাবে লিখিত পৰীক্ষা পাৰ্ট-১’ত বহুমুখী প্ৰশ্নৰ ১০০নম্বৰৰ আৰু পাৰ্ট-২’ত বৰ্ণনামূলক প্ৰশ্নৰ ৫০নম্বৰৰ পৰীক্ষা অনুষ্ঠিত হ’ব। সেইদৰে ১০০ নম্বৰৰ পাৰ্ছনেলিটি টেষ্ট থাকিব।

যোগ্য প্ৰাৰ্থীসকলে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ পঞ্জীকৃত প’ৰ্টেল @ www.mha.gov.inৰ জৰিয়তে অনলাইনযোগে আবেদন কৰিব পাৰিব।

Related News