NORTHEAST NOW (Assamese)

মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা ! ১৪ এপ্ৰিলত নহয় বিহুৰ বিশ্ব অভিলেখ

April 12, 2023 9:01 pm · এন ই নাও নিউজ, গুৱাহাটী

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। ১৪ এপ্ৰিলত বিহুৰ বিশ্ব অভিলেখ নহয়।

ঠিক যেন মহম্মদ টোঘলকৰ দৰে সিদ্ধান্ত লোৱাত সিদ্ধহস্ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

আজি হঠাৎ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে ১৪ এপ্ৰিলত নহয়, ১৩ এপ্ৰিলত হে হব বিহুৰ বিশ্ব অভিলেখ। ৰাজ্যিক কেবিনেট বৈঠকৰ পিছত মুখ্যমন্ত্রীয়ে সংবাদমেল সম্বোধন কৰি এই ঘোষণা কৰে।

হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰি কয়, গীনিজ বকু অৱ ৱৰ্ল্ড ৰেকৰ্ডৰ বিহু অনুষ্ঠান ১৪ এপ্রিলত নহয়, ১৩ এপ্রিলতহে হব। কাইলৈ সন্ধিয়া ৫.৩০ৰ পৰা ৬.৩০ বজাৰ ভিতৰত ৰেকৰ্ডৰ বাবে নাচিব বিহুৱাবিহুৱতীয়ে।

মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে এই অনুষ্ঠান চাবৰ বাবে কোনো টিকটৰ ব্যৱস্থা কৰা হোৱা নাই। সকলোৱে বিনামূলীয়াকৈ চাব পাৰিব এই অনুষ্ঠান।

উল্লেখ্য যে প্ৰখৰ গৰমলৈ লক্ষ্য কৰি এদিন বিহুৰ এই অনুষ্ঠান আগুৱাই দিয়া হ’ল বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Related News