NORTHEAST NOW (Assamese)

মন্ত্ৰী হিমন্ত-জীয়ৰীৰ বিকৃত ফটোৰ বাতৰি প্ৰকাশৰ সৈতে জৰিত ৰাকেশ পালৰ ঘনিষ্ঠ হেমন্ত হিল্লোল শইকীয়া!

February 25, 2021 6:27 pm · কল্পজ্যোতি শইকীয়া
Updated: February 25, 2021 8:09 pm

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ জীয়ৰীৰ সৈতে উঠা ফটোৰ বিকৃত ৰূপ প্ৰদান কৰি বাতৰি পৰিৱেশন কৰাৰ ক্ষেত্ৰত মূল মাষ্টাৰ মাইণ্ড হিচাপে কলংকিত প্ৰাক্তন APSC বিষয়া তথা সাংবাদিক হেমন্ত হিল্লোল শইকীয়াৰ বিৰুদ্ধে অভিযোগ উঠিছে।

বৰ্তমানো পলাতক বিতৰ্কিত প্ৰাক্তন ডিএছপি হেমন্ত হিল্লোল। মহানগৰ আৰক্ষীয়ে তেওঁৰ সন্ধান চলাই থকা বুলি জানিবলৈ দিয়ে অতিৰিক্ত আৰক্ষী আয়ুক্ত গৌতম বৰাই।

তেওঁ লগতে জনায় যে হিমন্ত হিল্লোলৰ নামো এই ফটো বিতৰ্কৰে সৈতে জৰিত থকাৰ অভিযোগ উঠিছে।

সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত ইতিমধ্যে গ্ৰেপ্তাৰ হোৱা তফিকউদ্দিন আহমেদ, আছিফ ইকবাল হুছেইন,নজৰুল হুছেইন,নজমুন হক আৰু নিজুল আলীক সোধা-পোছা অৱ্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে।

কিন্তু তেওঁলোকৰ ভিতৰত এজনে আনজনৰ ওপৰত দোষ জাপি দিয়া বুলি আৰক্ষী সুত্ৰত প্ৰকাশ পোৱাৰ উপৰিও বৰ্তমানো পলাতক হৈ থকা অভিযুক্ত কেইজনক একেলগে বহাই সোধা-পোছা কৰিলেহে সমগ্ৰ বিষয়টোৰ উত্তৰ পাব বুলি আৰক্ষীয়ে দাবী কৰে।

যোৱা ১৭ ফেব্ৰুৱাৰিত প্ৰতিবিম্ব লাইভ নামৰ এটা ৱেব পৰ্টেলৰ সম্পাদকসহ ২ গৰাকী সাংবাদিক আৰু ৩ সংবাদ কৰ্মীক গ্ৰেপ্তাৰ কৰিছিল মহানগৰ আৰক্ষীয়ে।

ধেমাজিৰ ঘোঘোহা গাওঁৰ বাসিন্দা বিতৰ্কিত হেমন্ত হিল্লোলৰ কেলেংকাৰীৰ তালিকাখন অতি দীঘলীয়া। প্ৰথমে ডিব্ৰু মহাবিদ্যালয়ত ভূৱা জাতিগত প্ৰমাণপত্ৰ দি চাকৰি লৈ ধৰা পৰি চাকৰি হেৰুৱাইছিল বুলি জানিব পৰা গৈছে। তাৰ পাছতে গুৱাহাটীৰ সতী সাধিনী সেৱাশ্ৰমত কিছুদিন সেৱক হিচাপে কাম কৰি পাছত ব্যক্তিগত টেলিভিছন চেনেলত সাংবাদিক হিচাপে কিছুদিন কাৰ্য্যনিৰ্বাহ কৰে।

তাৰ পাছতে তেওঁ ৰাকেশ পালৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক গঢ় লৈ উঠে। তেনে সুবাদতে তেওঁ বক্ৰপথৰে APSC পৰীক্ষাত উত্তীৰ্ণ হৈ ডিএছপি হিচাপে নিযুক্তি লাভ কৰিছিল।

উল্লেখ্য যে শইকীয়াই এপিএছচিৰ গোচৰত ইতিমধ্যে কাৰাবাস খাটি জামিন লাভ কৰি মুকলি আকাশৰ তললৈ আহিছিল।

বিতৰ্ক আৰু কেলেংকাৰীয়ে লগ নেৰা এই হিমন্ত হিল্লোল এইবাৰ নামি পৰিল ফটো বিকৃতি কৰাত।

Related News