NORTHEAST NOW (Assamese)
অসম

কি হৈছে এ পি এচ ছিৰ তদন্তত? অমান্য উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ, জাননী মুখ্য সচিবক

Posted by: অনুপ শৰ্মা January 4, 2019 9:19 pm
Assam-Public-Service-Commission-APSC-570x320

অসম কঁপোৱা এ পি এচ ছিৰ “ধনৰ বিনিময়ত চাকৰি”ৰ তদন্তত আদালতৰ নিৰ্দেশ পালন নকৰি শুকুৰবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জাননীৰ সন্মুখীন হ’ব লগা হৈছে অসমৰ মুখ্য সচিব।

অৱসৰপ্ৰাপ্ত ন্যায়াধীশ এগৰাকী অধ্যক্ষৰূপে লৈ গঠিত ন্যায়িক আয়োগৰদ্বাৰা এ পি এচ ছিৰ নিযুক্তিত হোৱা খেলি-মেলিৰ তদন্তৰ বাবে মুখ্য সচিবগৰাকীক নিৰ্দেশ দিছিল উচ্চ ন্যায়ালয়ে।

এ পি এচ ছিৰ তদন্ত নিয়াৰিকৈ চলি আছে বুলি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে দাবী কৰি অহাৰ বিপৰীতে ২০১৫ চনৰে পৰা আদালতৰ নিৰ্দেশটো পেলাই ৰখা হৈছে।

এই নিৰ্দেশ অমান্য কৰা কাৰ্য্যক কিয় আদালতৰ অৱমাননা বুলি গণ্য কৰা নহ’ব—তাৰ কাৰণ দৰ্শোৱাৰ বাবে এই জাননী জাৰি কৰিছে ন্যায়াধীশ এ কে গোস্বামীৰ আদালতে।

এই সন্দৰ্ভত প্ৰশান্ত সিংহ নামৰ এজন ব্যক্তিৰ আবেদনৰ শুনানি গ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে জাৰি কৰিছে এই জাননী।