NORTHEAST NOW (Assamese)
অসম

নতুন দিল্লীত বিটিএডি চুক্তি পুনৰীক্ষণৰ দাবীৰে ধৰ্ণা কাৰ্যসূচী অবড়ো সংগঠনৰ

Posted by: এন ই নাও নিউজ January 4, 2019 9:00 pm
UTC-Bodoland-750x375

বিটিএডিত বাস কৰা অবড়ো সংগঠনসমূহৰ প্ৰতিনিধিত্ব কৰা শ শ লোকে বিটিএডি চুক্তি পুনৰীক্ষণ কৰাৰ দাবী তুলি শুকুৰবাৰে নতুন দিল্লীত এটা ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰতিবাদকাৰীসকলে বিটিচিক কেন্দ্ৰীয় শাসিত পৰিষদলৈ উন্নীত কৰাৰ তীব্ৰ বিৰোধিতা কৰে।

লোকসভাৰ সাংসদ নৱ কুমাৰ শৰণীয়াই কৈছে, ‘আমি বড়ো চুক্তি পুনৰীক্ষণ কৰাটো বিচাৰোঁ। বিটিচিক উন্নীত কৰাটো আমি নিবিচাৰোঁ। বিটিচিৰ অধীনলৈ অনা অবড়ো গাঁওসমূহ বিটিচিৰ পৰা বাদ দিব লাগিব।’’ তেওঁ আৰু কয়, ”যেতিয়ালৈকে বড়ো চুক্তি পুনৰীক্ষণ কৰা নহয়, তেতিয়ালৈকে বিটিএডিত বাস কৰা অবড়োসকলৰ অস্তিত্বৰ প্ৰতি থকা ভাবুকি  থাকিব।”

প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা অবড়োসকলে প্লেকাৰ্ড দেখুৱাই প্ৰতিবাদ সাব্যস্ত কৰিছিল। এগৰাকী প্ৰতিবাদকাৰীয়ে কৈছে, ”আমি বিটিএডি চুক্তিৰ সংশোধনী দাবী কৰোঁ।”