NORTHEAST NOW (Assamese)
অসম

অসমীয়া ভাষা আৰু অসমীয়াক কটু মন্তব্য কৰা অৰবিন্দ সিঙৰ আত্মসমৰ্পণ; কাণত ধৰি খুজিলে ক্ষমা

Posted by: মানস প্ৰতীম গগৈ, মাৰ্ঘেৰিটা Updated by: মানস প্ৰতীম গগৈ, মাৰ্ঘেৰিটা April 4, 2022 6:54 am
Margherita news

অসমীয়া ভাষা আৰু অসমীয়াক কটু মন্তব্য কৰা তিনিচুকীয়াৰ বিতৰ্কিত অৰবিন্দ সিঙে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছে। অৰবিন্দ সিঙে তেওঁ কৰা ভুলৰ বাবে কাণত ধৰি ক্ষমাও খুজিছে।

আনহাতে, অসমীয়া ভাষাক অপমান কৰা অৰবিন্দ সিঙৰ মুখত জয় আই অসম ধ্বনিও শুনা যায়।

যোৱা ৩০ মাৰ্চৰ নিশা এক ফোনকলৰ যোগে অসমীয়া ভাষা আৰু অসমীয়াক কটু মন্তব্য কৰা বিতৰ্কিত অৰবিন্দ সিঙে দেওবাৰে তিনিচুকীয়া আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে।

লগতে পঢ়ক: চামগুৰি ভূৰবন্ধাত ৰকিবুল হুছেইন আৰু কেশৱ মহন্তক কটাক্ষ লেখিকা শিখা শৰ্মাৰ

গ্ৰেপ্তাৰ হোৱাৰ পাছতেই অৰবিন্দ সিঙে সংবাদ মাধ্যমৰ আগত নিজৰ ভুল স্বীকাৰ কৰে। আৰক্ষীয়ে সিঙক তিনিচুকীয়া সদৰ থানাত মাৰাথন জেৰা অব্যাহত ৰাখিছে।

উল্লেখ্য যে তিনিচুকীয়াৰ ডেলিভাৰী বয় এজনক অসমীয়া ভাষাত কথা কোৱাৰ বাবেই অসমীয়া ভাষাক অপমান কৰি কটু মন্তব্য কৰিছিল অৰবিন্দ সিঙে। ইয়াৰ পিছতে সমগ্ৰ ৰাজ্যতে বিতৰ্কিত অৰবিন্দ সিঙৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল বিভিন্ন দল-সংগঠনে।

লগতে পঢ়ক:খিতাপৰ যুঁজত হাৰ মানিল নাগালেণ্ড পুলিচ; বৰদলৈ ট্ৰফীৰ নতুন চেম্পিয়ন দিল্লী ফুটবল ক্লাৱ

মা-ভনীৰ নাম লৈ গালি দিয়া অৰবিন্দ সিঙৰ মুখত জয় আই অসম ধ্বনি ওলোৱাই নহয় কাণত ধৰি ক্ষমা খুজি সিঙে কয়, ‘দ্বিতীয়বাৰ আৰু এনে ভুল নকৰো’।