NORTHEAST NOW (Assamese)

বিদেশৰ পৰা উভতি কোৱাৰেন্টেইন বিধি ভংগ; আৰবাজ আৰু চোহেইলৰ বিৰুদ্ধে এজাহাৰ দাখিল

January 5, 2021 11:18 am · এন ই নাও নিউজ

বলীউদৰ জনপ্ৰিয় অভিনেতা ছলমান খানত দুই ভাতৃ আৰবাজ আৰু চোহেইল খানে কৰ’নাৰ বাবে বাধ্যত্যামূলক কোৱাৰেন্টেইন বিধি ভংগ কৰাৰ অভিযোগ তুলিছে বৃহন্মুম্বাই পৌৰনিগম (বিএমচি)য়ে।

সোমবাৰে তেওঁলোক দুয়োজনৰ বিৰুদ্ধে আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হৈছে।

বিএমচিয়ে জানিবলৈ দিয়া মতে যোৱা ২৫ ডিচেম্বৰত সংযুক্ত আৰৱ আমিৰশ্বাহীৰ পৰা তিনিজনে উভতি আহিছিল।

কৰ’না বিধি অনুসৰি তেওঁলোকে সাতদিনৰ বাধ্যতামূলক কোৱাৰেন্টাইনত থকাৰ কথা আছিল।

কিন্তু বিএমচিৰ অভিযোগ যে বিমানবন্দৰ এৰাৰ সময়ত আৰবাজ, চোহেইল আৰু নিৰ্বানে তেওঁলোকে বান্দ্ৰাৰ এখন বিলাসী হোটেলত সাতদিন সুকীয়াকৈ থাকি ঘৰলৈ যাব বুলি কৰ্তৃপক্ষক জানিবলৈ দিছিল।

পিচত জানিব পাৰে যে ২৬ ডিচেম্বৰতেই তেওঁলোকে হোটেলৰ বুকিং বাতিল কৰি ঘৰলৈ যায়। এই খৱৰ পোৱাৰ পাছতেই বিএমচিয়ে এফ আই আৰ দাখিল কৰে।

তেওঁলোকৰ বিৰুদ্ধে মহামাৰী আইন ভংগৰ গোচৰ ৰুজু কৰা হৈছে। ইপিনে, ছলমান খানৰ কনিষ্ঠ ভাতৃ চোহেইল খানে জানিবলৈ দিয়ে যে তেওঁলোকে উভতি অহাৰ পাছত বিমানবন্দৰত কৰ’নাৰ পৰীক্ষা কৰা হৈছিল আৰু তেওঁলোকৰ ৰিপ’ৰ্ট নিগেটিভ অহাত কোৱাৰেন্টাইনত নাথাকি ঘৰলৈ গুচি যায়।

আনহাতে, বিএমচিৰ স্পষ্ট মত হ’ল যে আইন সকলোৰে বাবে সমান হোৱা উচিত। সেয়েহে, অহা ১৪ দিনৰ বাবে তেওঁলোকক হোটেলত কোৱাৰেন্টাইনত থাকিবলৈ কোৱা হৈছে। সাতদিন পাছত কৰ’নাৰ টেষ্ট কৰা হ’ব আৰু ৰিপ’ৰ্ট নিগেটিভ আহিলে ঘৰলৈ যাব পাৰিব।

Related News