NORTHEAST NOW (Assamese)

আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতি ‘মিনি ট্ৰাম্প’! মেছিৰ দেশত নতুন শাসনৰ আৰম্ভণি

November 21, 2023 10:53 am · এন ই নাও নিউজ, গুৱাহাটী
আৰ্জেণ্টিনাৰ নতুন ৰাষ্ট্ৰপতি জেভিয়াৰ মিলী। ফটোঃ সংগ্ৰহীত।

কঠোৰ সোঁপন্থী হিচাপে পৰিচিত জেভিয়াৰ মিলেইয়ে আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়লাভ কৰিছে। দেশখনত দেওবাৰে অনুষ্ঠিত হয় দ্বিতীয় ৰাউণ্ডৰ ৰাষ্ট্ৰপতি নিৰ্বাচন। নিশালৈকে ৯০ শতাংশ ভোট গণনা সম্পৰ্ণ হৈছে আৰু ইয়াৰে ৫৬ শতাংশ ভোট মিলীয়ে লাভ কৰিছে। বিবিচিৰ এক প্ৰতিবেদন অনুসৰি নিৰ্বাচনত মিলেইৰ নিকটতম প্ৰতিদ্বন্দ্বী হৈছে বাওঁপন্থী নেতা চাৰ্জিঅ’ মাছা।

মাছাই ৪৪ শতাংশ ভোট লাভ কৰে। জয় নিশ্চিত হোৱা দেখি সেই নিশাই বুয়েনছ আয়াৰ্ছত অনুৰাগীসকলক সম্বোধন কৰে জেভিয়াৰ মিলেইয়ে। তেওঁ কয় যে এই জয়ৰ জৰিয়তে “আৰ্জেণ্টিনাৰ পুনৰ্গঠন” আৰম্ভ হৈছে। মুদ্ৰাস্ফীতি বৃদ্ধি পোৱাৰ লগতে জনসাধাৰণৰ অৰ্থনৈতিক সংকটত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সময়তে আৰ্জেণ্টিনাৰ নিৰ্বাচন অনুষ্ঠিত হৈছে।

আৰ্জেণ্টিনাৰ নতুন ৰাষ্ট্ৰপতি জেভিয়াৰ মিলী। ফটোঃ সংগ্ৰহীত।

ভাষণত মিলীয়ে কয় যে আমি এতিয়া মুক্ত বিশ্বৰ সকলো জাতিৰ সৈতে কান্ধত কান্ধ মিলাই কাম কৰিবলৈ ওলাইছো। আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে মিলেইক বিজয়ৰ বাবে অভিনন্দন জনায়। তেওঁ কয়, “মিলীয়ে আৰ্জেণ্টিনাক আকৌ মহান কৰি তুলিব।”

উল্লেখ্য় যে কিছুদিন আগলৈকে আৰ্জেণ্টিনাত মিলেই ইমান পৰিচিত নাছিল। তেওঁ মূলতঃ এজন অৰ্থনীতিবিদ আৰু ৰক সংগীতৰ অনুৰাগী।

আৰ্জেণ্টিনাৰ নতুন ৰাষ্ট্ৰপতি জেভিয়াৰ মিলী। ফটোঃ সংগ্ৰহীত।

দ্য নিউয়ৰ্ক টাইমছৰ মতে, টেলিভিছনত তেওঁ মানুহক অপমান কৰি কথা কোৱা, অনলাইনত সমালোচকৰ বিৰুদ্ধে তীব্ৰ আক্ৰমণ চলোৱা মিলেই তেওঁৰ অবিনস্ত্য চুলিৰ ষ্টাইলক লৈ কেতিয়াবা মিমৰ সন্মুখীনো হৈছে। তেওঁৰ আক্ৰমণাত্মক আচৰণ আৰু বেশভূষাৰ বাবে ইতিমধ্যে তেওঁ ‘মিনি ট্ৰাম্প’ নামেৰে পৰিচিত হৈছে।

Related News