NORTHEAST NOW (Assamese)
অসম

অশনি সংকেত! শেষ হৈ আহিব অক্সিজেন; ‘শ্বাসৰুদ্ধ’ হব পৃথিৱীৰ! ভয়াৱহ ভৱিষ্যতৰ কথা জনালে বিজ্ঞানীসকলে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 21, 2023 9:57 am

অক্সিজেন এই পৃথিৱীৰ প্ৰাণ। আমাৰ নীলা গ্ৰহটোৰ বায়ুমণ্ডলৰ ২১ শতাংশ জুৰি ৰৈছে এই জীৱনদায়িনী গেছ। কিন্তু বিজ্ঞানীসকলে আশংকা যে চিৰদিন এনেকুৱা নাথাকিব। এনে এটা দিন আহিব যেতিয়া অক্সিজেনৰ পৰিমাণ অতি কম হ’ব। মিথেন গেছে ভৰি পৰিব পৃথিৱী!

২০২১ চনত বিখ্যাত ‘নেচাৰ’ আলোচনীখনত এখন গৱেষণা পত্ৰ প্ৰকাশ পাইছিল। তাত এনেকুৱা সম্ভাৱনাৰ কথা কোৱা হৈছে। লগতে কোৱা হৈছে যে পৰিবেশত যেতিয়া সেই পৰিৱৰ্তন আহিব সমগ্ৰ পৰিস্থিতি দ্ৰুত সলনি হ’ব। নিশাটোৰ ভিতৰতে পৃথিৱীখন পিছলৈ উভতি যাব। আজিৰ পৰা ২৪০ কোটি বছৰৰ আগৰ পৰিৱেশ এই গ্ৰহলৈ ঘূৰি আহিব। এই গোটেই প্ৰক্ৰিয়াটোক কোৱা হৈছে ডিঅক্সিজেনেচন।

লগতে পঢ়কঃ উত্তৰকাশীত উদ্ধাৰৰ নৱম দিনা আৱদ্ধ শ্ৰমিকলৈ পাইপেৰে পঠোৱা হ’ল গৰম খিচুৰি

প্ৰাগ ঐতিহাসিক পৃথিৱীত কাৰ্বন ডাই অক্সাইড, মিথেন আৰু জলীয় বাষ্পৰ প্ৰধান্য আছিল। প্ৰায় সেই পৰিস্থিতিয়েই হ’ব। গৱেষকসকলে এই বিষয়ে প্ৰতিবেদন দাঙি ধৰোতে পৃথিৱীৰ বায়ুমণ্ডলৰ বিশদ আৰ্হিও প্ৰকাশ কৰিছে। দেখুৱাইছে যে সূৰ্য্যৰ উজ্জ্বলতা বৃদ্ধিৰ লগে লগে কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ কেনেকৈ কমি যায়।

কিন্তু এই নীলা গ্ৰহটোত অক্সিজেন হেৰুৱাই মিথেনৰ আধিপত্যৰ ভয়ানক দিনটো আহিবলৈ কিমান দিন বাকী? এই কথাটোৱে অৱশ্যে আশ্বস্ত কৰিছে। কিয়নো ১০০ কোটি বছৰৰ পাছত এনেকুৱা হ’ব পাৰে। ফলত তাৎক্ষণিক কোনো বিপদৰ আশংকা নাই।