NORTHEAST NOW (Assamese)

মঞ্চত সকলোৰে সন্মুখতে প্ৰেমিকাক সাৱটি ধৰি গভীৰ চুম্বন স্বয়ং ৰাষ্ট্ৰপতিৰ; দেশজুৰি বিতৰ্ক

January 3, 2024 10:45 am · এন ই নাও নিউজ, গুৱাহাটী

এখন দেশৰ স্বয়ং ৰাষ্ট্ৰপতিয়ে মুকলিকৈ প্ৰেমিকাক সাৱটি ধৰি চুমা খালে। আৰ্জেণ্টিনাৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি জেভিয়াৰ মিলেইয়ে এই ঘটনাৰ নায়ক। মঞ্চত সকলোৰে সন্মুখতে প্ৰেমিকক সাৱটি ধৰি গভীৰভাৱে চুমা খালে। কেৱল ওঁঠত স্পৰ্শ নহয়, এক দীৰ্ঘ চুম্বন। ফলত এই বিষয়টোক লৈ দেশজুৰি বিতৰ্কৰ সৃষ্টি হৈছে। তাত উপস্থিত ৰাইজ একেবাৰে স্তম্ভিত হৈ পৰে।

জেভিয়াৰৰ বান্ধৱী তথা প্ৰেমিকৰ নাম ফাতিমা ফ্ল’ৰেজ। কিছুদিন পূৰ্বে নৱবৰ্ষৰ প্ৰাকক্ষণত আৰ্জেণ্টিনাৰ মাৰ ডেল প্লাটাৰ ৰক্সি থিয়েটাৰত ফাতিমাই সংগীত পৰিবেশন কৰিছিল। ৰাষ্ট্ৰপতি হোৱাৰ পিছতো তেওঁ বান্ধৱী তথা প্ৰেমিকাৰ প্ৰদৰ্শন চাবলৈ টিকট ক্ৰয় কৰিছিল। আৰু অনুষ্ঠান শেষ হোৱাৰ পিছত ৰাষ্ট্ৰপতিগৰাকী মঞ্চত উঠি আবেগেৰে শিল্পী তথা প্ৰেমিকাক সাৱটি ধৰিলে আৰু চুম্বন কৰিলে।

স্পষ্টবাদী ৰাষ্ট্ৰপতিগৰাকী অসাধাৰণ ভাষণৰ বাবে পৰিচিত। সেইদিনা প্ৰেমিকাক চুমা খোৱাৰ আগতেও তেওঁ ভাষণ দিছিল। তেওঁৰ প্ৰেমিকা ফাতিমা আৰ্জেণ্টিনাৰ  এগৰাকী জনপ্ৰিয় কমেডিয়ান।

সাধাৰণতে ৰাজহুৱা স্থানত ৰাষ্ট্ৰপতিসকলে এনে আচৰণ কৰা দেখা নাযায়। কিন্তু জেভিয়াৰে সেই ধাৰাক কোনো গুৰুত্বই দিয়া নাছিল। সেয়ে, ৰাষ্ট্ৰপতিগৰাকী স্বাভাৱিকতে শিৰোনামলৈ আহিছে। ইতিমধ্যে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত ভাইৰেল হৈ পৰিছে তেওঁলোকৰ চুম্বনৰ ভিডিঅ’।

Related News