NORTHEAST NOW (Assamese)
Popular Stories

ভুল অস্ত্ৰোপচাৰ! প্লাষ্টিক চাৰ্জাৰী কৰিয়েই প্ৰাণ হেৰুৱালে জনপ্ৰিয় মডেল-অভিনেত্ৰীয়ে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 3, 2023 10:50 am

আৰ্জেণ্টিনাৰ ৪৩ বছৰীয়া জনপ্ৰিয় মডেল তথা অভিনেত্ৰী ছিলভিনা লুনাৰ প্লাষ্টিক চাৰ্জাৰী সফল নোহোৱাৰ বাবে মৃত্যু হৈছে। বাতৰি মতে, মৃত্যুৰ মাত্ৰ দুসপ্তাহ পূৰ্বে পুনৰ প্লাষ্টিক চাৰ্জাৰী কৰা হৈছিল চিলভিনাৰ। অৱশ্যে তেওঁ বুজিবই পৰা নাছিল যে অস্ত্ৰোপচাৰৰ পৰিণতি ইমান ভয়ংকৰ হ’ব পাৰে।

জানিব পৰা মতে, কেইবছৰমান আগতে লুনাৰ প্লাষ্টিক চাৰ্জাৰী হৈছিল। তাৰ বাবেই শৰীৰত বহুতো সমস্যাৰ সৃষ্টি হয়। বৃক্কৰ সমস্যা আছিল আটাইতকৈ বেছি। যিটোৱে যোৱা বছৰৰ তুলনাত চৰম ৰূপ লৈছিল। তেওঁৰ দুয়োটা বৃক্কই বিকল হয়।

প্লাষ্টিক চাৰ্জাৰীৰ বলি মডেল তথা অভিনেত্ৰী ছিলভিনা লুনা। ফটো: সংগ্ৰহীত।

লুনা চিকিৎসালয়ত থকা যথেষ্ট দিন হ’ল। চিকিৎসকে তেওঁক কঠোৰ নিৰীক্ষণত ৰাখিছিল। চিকিৎসকে অভিনেত্ৰীগৰাকীক বচাবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিল।

অৱশেষত তেওঁক লাইফ চাপৰ্টত ৰখা হয়। কিন্তু জীয়াই থকাৰ কোনো আশা নাছিল অভিনেত্ৰীগৰাকীৰ। সেয়ে পৰিয়ালৰ সন্মতি সাপেক্ষে তেওঁৰ লাইফ চাপৰ্ট আঁতৰাই দিয়া হয়।

প্লাষ্টিক চাৰ্জাৰীৰ বলি মডেল তথা অভিনেত্ৰী ছিলভিনা লুনা। ফটো: সংগ্ৰহীত।

লুনাৰ অকাল মৃত্যুত শোক প্ৰকাশ কৰিছে তেওঁৰ অনুৰাগীসকলে। আৰ্জেণ্টিনাৰ চলচ্চিত্ৰ জগতৰ বহুতেই শোক প্ৰকাশ কৰে। বহুতে লুনাৰ প্লাষ্টিক চাৰ্জাৰী কৰা চিকিৎসকৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে।

প্লাষ্টিক চাৰ্জাৰীৰ বলি মডেল তথা অভিনেত্ৰী ছিলভিনা লুনা। ফটো: সংগ্ৰহীত।

বাতৰি অনুসৰি, কেৱল লুনাই নহয়, সেই ডাক্তৰৰ ভুল চিকিৎসাৰ ভুক্তভোগী বহু লোক। তেওঁৰ নামত কেবাটাও গোচৰো আছে। লুনাৰ অনুৰাগীসকলে এনে লোকক উপযুক্ত শাস্তি প্ৰদানৰ দাবী জনাইছে।