NORTHEAST NOW (Assamese)

সকলো যেন পৰিকল্পিত! অৱশেষত মুম্বাই ইণ্ডিয়ানছেই কিনি ল’লে অৰ্জুন তেণ্ডুলকাৰক

February 19, 2021 7:53 am · এন ই নাও নিউজ
অৰ্জুন তেণ্ডুলকাৰ। ফটো সৌজন্য: বিচিচিআই।

এইবাৰ আইপিএল নীলামৰ বাবে অৰ্জুন তেণ্ডুলকাৰে নিজৰ নাম অন্তৰ্ভুক্ত কৰাৰ পাছৰে পৰা ছচিয়েল মিডিয়াত চৰ্চা চলিছিল যে শচীন পুত্ৰক এইবাৰ মুম্বাই ইণ্ডিয়ানছেই দলত ল’ব। সেয়া সত্য পৰিণত কৰিয়েই অৱশেষত অৰ্জুনে মুম্বাই ইণ্ডিয়ানছত যোগ দিলে।

অৰ্জুনৰ মুম্বাই ইণ্ডিয়ানছত যোগদানৰ পাছত বহুতেই ভাৱে যে সম্পূৰ্ণ পৰিকল্পিতভাৱেই শচীন পুত্ৰই আইপিএলত অন্তৰ্ভুক্ত হ’ল।

নীলামৰ একেবাৰে শেষত নাম আছিল অৰ্জুন তেণ্ডুলকাৰৰ। কিন্তু মুম্বাই ইণ্ডিয়ানছে কোটা পূৰ্ণ কৰিবলৈ যেন তেওঁৰ বাবেই অপেক্ষা কৰিছিল।

বাকী ফ্ৰেঞ্চাইজিবোৰে তেওঁলোকৰ কোটা সম্পূৰ্ণ কৰাৰ পাছত বিচিচিআইৰ তৰফলৰ পৰা ফ্ৰেঞ্চাইজিবোৰক ৰেপিড পৰ্যায়ত দলত নিবলৈ আগ্ৰহী ক্ৰিকেটাৰসকলৰ নাম জমা দিবলৈ অনুৰোধ কৰা হয়।

অন্তিম ৰাউণ্ডত অৰ্জুনৰ নাম নীলামৰ বাবে ঘোষণা কৰাৰ সময়ত মুম্বাইৰ কোটা পূৰ্ণ হ’বলৈ আৰু মাত্ৰ এজন ক্ৰিকেটাৰৰ প্ৰয়োজন আছিল।

এনে অৱস্থাত মুম্বাইয়ে একমাত্ৰ বিডাৰ হিচাপে ২০লাখ টকাৰ বেচ প্ৰাইচত অৰ্জুন তেণ্ডুলকাৰক দলত অন্তৰ্ভুক্ত কৰি তেওঁলোকৰ ২৫জনৰ কোটা সম্পূৰ্ণ কৰে।

এইদৰে মুম্বাই ইণ্ডিয়ানছত যোগদান কৰিয়েই জুনিয়ৰ তেণ্ডুলকাৰে এক দৃষ্টান্ত গঢ়ি তোলে। প্ৰথমবাৰৰ বাবে আইপিএলত একেটা আইপিএল ফ্ৰেঞ্চাইজিৰ হৈ পিতৃ-পুত্ৰই প্ৰতিনিধিত্ব কৰাৰ দৃষ্টান্ত গঢ়িলে।

Related News