NORTHEAST NOW (Assamese)

মুখ্য মন্ত্ৰী সোণোৱালৰ বাসভৱনত গুলীৰ শব্দত চাঞ্চল্য, ‘আত্মহত্যা’ নিৰাপত্তাৰক্ষীৰ

September 16, 2018 11:04 pm · এন ই নাও নিউজ
শূক্লেশ্বৰ কাথাৰ। ফট’- টুইটাৰ।

ৰাজ্যৰ আটাইতকৈ সুৰক্ষিত, মুখ্য মন্ত্ৰীৰ গুৱাহাটীস্থিত আৱাসত দেওবাৰে সন্ধিয়া হুৱা-দুৱা লগাই হাতত থকা ৰাইফলেৰে নিজকে গুলীয়াই আত্মহত্যা কৰে শুক্লেশ্বৰ কাথাৰ নামৰ আৰক্ষী জোৱানজনে।

মুখ্য মন্ত্ৰীৰ খাৰঘূলিস্থিত আৱাস ব্ৰহ্মপুত্ৰ অতিথিশালাৰ নিৰাপত্তাৰ দায়িত্বত নিয়োজিত কাথাৰে ৩ জাঁইকৈ গুলীৰে ‘আত্মহত্যা’ কৰা বুলি সূত্ৰত প্ৰকাশ।

কাথাৰক ততাতৈয়াকৈ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়লৈ নিয়া হয় যদিও ইতিমধ্যে তেওঁৰ মৃত্যু হোৱা বুলি প্ৰকাশ কৰে চিকিৎসকে।

ঘটনাটোক ‘আত্মহত্যা’ বুলি সন্দেহ কৰা হৈছে যদিও মুখ্য মন্ত্ৰীৰ সুৰক্ষাৰ প্ৰশ্ন জৰিত আৱাসটোৰ ঘটনাটোৰ তদন্ত কৰাৰ বাবে ঘটনাথলীত গৈ আৰক্ষীৰ শীৰ্ষ বিষয়া উপস্থিত হৈছেগৈ।

Related News