NORTHEAST NOW (Assamese)
অসম

কৰ’না যোদ্ধালৈ চেলুট: GMCH, MMCHত হ’ব আকাশী পুষ্পবৰ্ষণ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 2, 2020 6:55 pm
Armed forces to salute Corona warriors, flowers to be showered from air over Gauhati Medical College Hospital, MMCH

ভাৰতীয় সেনা বাহিনীসমূহে ৩ মে’ত দেশজুৰি কৰ’না যোদ্ধাসকললৈ শ্ৰদ্ধা প্ৰদৰ্শন কৰিব।

গুৱাহাটীতো গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেল আৰু মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটেলতো দেওবাৰে আকাশমাৰ্গৰ পৰা পুষ্পবৰ্ষণ কৰা হ’ব।

জি এম চি এইচত পুৱা ১০ বজা আৰু এম এম চি এইচত পুৱা ১০.৩০ বজাত হেলিকপ্তাৰৰ পৰা পুষ্পবৰ্ষণেৰে কৰ’না যোদ্ধাসকলক চেলুট জনোৱা হ’ব।

একে সময়তে দুয়োখন চিকিৎসালয়তে কৰ’না যোদ্ধাসকললৈ শ্ৰদ্ধাৰে বেণ্ড প্ৰদৰ্শনো কৰা হ’ব।

তাৰোপৰি, কৰ’না যোদ্ধাসকলৰ প্ৰতি সন্মানস্বৰূপে অসম বিধান সভাৰ ওপৰেদি উৰি যাব সুখয় ৩০ বিমান।

অকল অসমতে নহয়, সমগ্ৰ দেশজুৰি সেনাবাহিনীয়ে কৰ’না যোদ্ধাসকলৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিব।

চীফ অফ ডিফেঞ্চ ষ্টাফ জেনেৰেল বিপিন ৰাৱাটে শুকুৰবাৰে আটাইকেইটা বাহিনীৰ মুৰব্বীসকলক লৈ এই কথা সদৰী কৰিছিল।

ভাৰতীয় স্থল সেনা, নৌ সেনা আৰু বায়ু সেনাবাহিনীয়ে সহযোগিতাৰে চিকিৎসা কৰ্মীসকললৈ এই সন্মান আগবঢ়াব।

ভাৰতীয় বায়ু সেনা বাহিনীয়ে চিকিৎসালয়সমূহত হেলিকপ্তাৰ আৰু বিমানেৰে পুষ্পবৰ্ষণ কৰিব।

নৌ সেনা বাহিনীয়ে সাগৰীয় যুদ্ধ জাহাজসমূহ আলোকসজ্জিত কৰি তুলিব।

স্থল সেনা বাহিনীয়ে মিলিটাৰী বেণ্ড বজাই কৰ’না যুদ্ধত আগশাৰীৰ যোদ্ধা হিচাপে কৰ্মৰত চিকিৎসা কৰ্মীসকলৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিব।