NORTHEAST NOW (Assamese)
অসম

অসম যুৱ পৰিষদৰ দ্বাৰা নাট্যযোদ্ধা পৱিত্ৰ ৰাভাক কলাগুৰু বঁটা প্ৰদান

Posted by: চাজিদ খান Updated by: চাজিদ খান June 20, 2021 4:59 pm
Pabitra rabha

অসমৰ জাতীয় জীৱনৰ প্ৰবাদ পুৰুষ সৈনিক শিল্পী কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ পবিত্ৰ স্মৃতি দিৱসৰ লগত সংগতি ৰাখি টংলাৰ বিশিষ্ট নাট্যযোদ্ধা পবিত্ৰ ৰাভাক অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত ওদালগুৰি জিলা আৰু পানেৰী বিধান পৰিষদৰ সহযোগত অনুষ্ঠিত কলাগুৰু বঁটা প্ৰদান কাৰ্যসূচীত কলাগুৰু বঁটা আগবঢ়োৱা হয়।

শৰাই সঁফুৰা, ফুলাম জাপি, স্মাৰক, মাননী আৰু সম্বৰ্ধনা পত্ৰৰে ৰাভাক উষ্ম আদৰণি জনোৱা হয়।

বঁটা প্ৰদান কাৰ্যসূচী পৰিচালনা কৰে যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি জিতু বৰগোহাঁইয়ে। অগপৰ পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণ কৰে ওদালগুৰি জিলা  সমিতিৰ সভাপতি যতীন কুমাৰ ডেকা আৰু জিলা যুৱ পৰিষদৰ সভাপতি যোগেশ বড়াই।

টংলা জলাহস্থিত আমাৰ গাঁও প্ৰকল্প দাপোন দ্য মিৰৰ ভূমিত অনুষ্ঠিত হোৱা কলাগুৰু বঁটা প্ৰদান কাৰ্যসূচীৰ আৰম্ভণিতে টংলা শিল্পী সমাজৰ শিল্পী বৃন্দই এটি বিষ্ণু ৰাভা সংগীত পৰিবেশন কৰে।

কলাগুৰু বঁটা প্ৰদান কাৰ্যসূচীত অসম গণ পৰিষদৰ উপসভাপতি সুনীল ডেকা, যুৱ পৰিষদৰ কেন্দ্ৰীয় নেতৃবৃন্দ, বিভিন্ন জিলা শাখাৰ বিষয়ববীয়া,ওদালগুৰি জিলা শাখাৰ বিষয়ববীয়া সকলৰ লগতে অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক,পৱিত্ৰ ৰাভাৰ পিতৃ ৰামচন্দ্ৰ ৰাভা, দাপোন দ্য মিৰৰ খৰ্বকায় শিল্পী বৃন্দই উপস্থিত থাকে।