NORTHEAST NOW (Assamese)
অসম

বুজাত পলম হ’ল! এইবাৰ RSSৰ ওচৰত আঁঠু ল’বলৈ সাজু ৰূপজ্যোতি কুৰ্মী!

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া June 20, 2021 5:23 pm
Rupjyoti Vinno

কংগ্ৰেছত থকা সময়ত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ লগতে বিজেপি দলক কুকুৰে কাঁইট নোখোৱাকৈ গালি পাৰি এতিয়া অনুসূচনাত ভুগিছে প্ৰাক্তন কংগ্ৰেছী  বিধায়ক ৰূপজ্যোতি কুৰ্মী।

আনকি তেওঁৰ সমষ্টিৰ এখন মহাবিদ্যালয়ত আৰএছএছৰ প্ৰশিক্ষণ অনুষ্ঠিত কৰাৰ বিৰোধিতা কৰি মহাবিদ্যালয়ৰ ভিতৰত ভাৰত মাতা কি জয় শ্লোগান দিয়াৰো বিৰোধিতা কৰিছিল ৰূপজ্যোতি কুৰ্মীয়ে।

কিন্তু কুৰ্মীয়ে যেন এতিয়া সেই পাপৰ প্ৰায়শ্চিত্ত কৰিবলৈ সাজু হৈছে। আনকি তেওঁ কেশৱ ধামত গৈ আৰএছএছৰ নেতাৰ সন্মুখত আঁঠু ল’বলৈয়ো প্ৰস্তুত।

আজি সাংবাদিকে কেশৱ ধামত গৈ আৰএছএছক ক্ষমা খুজিব নেকি বুলি প্ৰশ্ন কৰাত তেওঁ কয়, ‘স্বাভাৱিকতে মই পাপৰ প্ৰায়শ্চিত্ত কৰিব লাগিব। মই নিয়ম মতে আগতেই যাব লাগিছিল। বিজেপি দলত যোৱাত মই পলম কৰিলো। মই ডাঙৰ সময় অপচয় কৰিলো।‘

ইপিনে, কেশৱ ধামত গৈ কুৰ্মীয়ে হাত যোৰ কৰিব নেকি বুলি সাংবাদিকে প্ৰশ্ন কৰাত তেওঁ কয়, ‘স্বাভাৱিকতে হাত যোৰ কৰিম, হয়তো আঁঠু কাঢ়িব লাগিব বা সেৱা কৰিব লাগিব। মৰিয়নী সমষ্টিৰ ৰাইজৰ উন্নয়নৰ বাবে বা অসমৰ ৰাইজৰ কাৰণে যিহেতু সেৱা কৰিবলৈ আগবাঢ়ি আহিছো গতিকে হাত যোৰ কৰিম, আঁঠু কাঢ়িম সেৱাও কৰিম।‘

ৰূপজ্যোতি কুৰ্মীৰ এই মন্তব্যৰ পৰা স্পষ্ট হৈছে যে পূৰ্বৰ ৰূপজ্যোতি কুৰ্মীৰ এক্সন মুড অসমৰ ৰাইজে আৰু দেখিবলৈ নাপাব। আগতে আৰএছএছৰ বিৰুদ্ধে সিংহৰ দৰে গৰজি এতিয়া যেন নেজ পেলাই সেৱা ল’বলৈও কোনো কুন্ঠাবোধ নকৰে ৰূপজ্যোতি কুৰ্মীয়ে।

এতিয়া যেন নিজকে ‘অভদ্ৰ’ বুলি পৰিচয় দিয়া ৰূপজ্যোতি কুৰ্মী আৰএছএছৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ শান্ত-শিষ্টলৈ ৰূপান্তৰিত হ’ব।