খিলঞ্জীয়াৰ অস্তিত্বৰ যুজঁখন ধৰ্মীয় সাম্প্ৰদায়িক যুঁজলৈ পৰিবৰ্তনৰ প্ৰচেষ্টা চলাইছে হিমন্ত বিশ্ব শৰ্মাই; অভিযোগ উপমন্যু হাজৰিকাৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাক ওবামা হুছেইন বুলি মুছলমানৰ পৰিচয়ৰে উল্লেখ কৰি অসম আৰক্ষীৰ দ্বাৰা গ্ৰেপ্তাৰ কৰা ধমকি দিয়াটো চৰম লজ্জাজনক, এয়া অসম আৰু অসমীয়াৰ বাবেও দুৰ্ভাগ্যজনক। এই মন্তব্য প্ৰব্ৰজন বিৰোধী মঞ্চৰ নেতা উপমন্যু হাজৰিকাৰ।
তেওঁ কয়, ‘’শৰ্মাই সকলো পৰিস্থিতিতে সুযোগ বিচাৰি ফুৰে যাতে ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত তেওঁৰ নাম প্ৰচলিত হওক, লাগিলে তেওঁৰ কথন নাভূত নাশ্ৰুত নহওক কিয়। তেওঁ জানে যে অদ্ভুত কথা ক’লেহে বাতৰি হয়।‘’
লগতে পঢ়ক: প্ৰধানমন্ত্ৰী মোডীক প্ৰশ্ন কৰা সাংবাদিকক হাৰাশাস্তিৰ ঘটনাক গৰিহণা হোৱাইট হাউছৰ
হাজৰিকাৰ অভিযোগ, ‘’শৰ্মাই বিজেপিলৈ অহাৰ পিছত তেওঁ নতুন হিন্দু পৰিচয় প্ৰতিষ্ঠা কৰিবলৈ উঠি পৰি লাগিছে ,পূৰ্বৰ পাপ ধুই নিকা হ’বলৈ কিয়নো তেওঁ কংগ্ৰেছত থকা অৱস্থাত আজমলৰ লগত বন্ধুত্ব কৰি সাম্প্ৰদায়িক বিজেপিৰ বিৰুদ্ধে যুঁজিছিল। সেই সময়ত তেওঁ কৈছিলে যে গুজৰাটৰ পানীৰ পাইপত মুছলমানৰ তেজ বয়, ভেল্কীবাজি কৰা মোডীক ৰিক্সাআলা ঠেলাৱালাই চৰিয়াব ইত্যাদি।‘’
এনে সস্তীয়া লোকপ্ৰিয়তাৰ অনুসন্ধানত হিমন্ত বিশ্ব শৰ্মাই অসমৰ খিলঞ্জীয়াৰ অস্তিত্বৰ যুজঁখন ধৰ্মীয় সাম্প্ৰদায়িক যুঁজলৈ পৰিবৰ্তন আৰু প্ৰচাৰ কৰিবলৈ অহৰহ প্ৰচেষ্টা চলাইছে বুলিও অভিযোগ তুলিছে হাজৰিকাই।
লগতে পঢ়ক: চিকিৎসা বিভ্ৰাট! জিভাৰ সলনি পুৰুষাংগৰ অস্ত্ৰোপচাৰ; বাতিল চিকিৎসালয়ৰ অনুজ্ঞাপত্ৰ
হাজৰিকাৰ দাবী, ‘’আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত এই যুঁজখন বিদেশী আৰু স্বদেশীৰ পৰিবৰ্তে যেন একেখন দেশৰ নাগৰিকৰ সাম্প্ৰদায়িক বিবাদ বুলিহে প্ৰচলিত কৰাত গুৰুত্ব দি উঠি পৰি লাগিছে শৰ্মাই।‘’