NORTHEAST NOW (Assamese)

কাৰ্বি-আংলঙত ঘৰৰ চোতালতে ব্যৱসায়ীক গুলীয়াই হত্যা

June 24, 2019 7:11 pm · নংনী তেৰন
নিহত সুৰা ব্যৱসায়ী মুলসিং ৰাথোড়, ফাইল ফটো

পূব কাৰ্বি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তত দেওবাৰে সামৰিক পোছাকত অহা দুৰ্বৃত্তৰ দলে এজন স্থানীয় ব্যৱসায়ীক গুলীয়াই হত্যা কৰে। নিহত ব্যৱসায়ী মুলসিং ৰাথোড় হোটেল ৰাজ পেলেচ আৰু ফ্ৰেণ্ডছ লিকাৰ হাউছৰ স্বত্তাধিকাৰী আছিল।

প্ৰাপ্ত তথ্য মতে কালি নিশা প্ৰায় ৯:৩০ বজাত ৭-৮জনীয়া এটা বন্দুকধাৰী দুৰ্বৃত্তৰ দলে বোকাজান মহকুমাৰ খতখতিত থকা ব্যৱসায়ীজনৰ ঘৰত প্ৰৱেশ কৰিছিল। সেই সময়ত তেওঁৰ পুত্ৰ, বোৱাৰী আৰু নাতি ঘৰত আছিল।

দুৰ্বৃত্তৰ দলটোৱে প্ৰথমে পৰিয়ালৰ সদস্যসকলক মাৰধৰ কৰাৰ লগতে তেওঁলোকে ৰাথোড়ৰ পুত্ৰ ৰাজ সিং ৰাথোড়ৰ হতুৱাই ফোন কৰাই ৰাথোড়ক ঘৰলৈ মতাই আনে। খবৰ পায়ে ঘৰলৈ অহা ৰাথোড়ক চোতালতে দলটোৰ এজন দুৰ্বৃত্তই গুলীয়াই নৃশংসভাৱে হত্যা কৰে।

পৰিয়ালৰ লোকে জনোৱা মতে দুৰ্বৃত্তৰ দলটোৱে ঘৰটোত লুটপাত চলাই টকা-পইচাৰ লগতে আ-অলংকাৰ আদি লুট কৰি নিয়ে।

এই সম্পৰ্কত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও বাতৰি লিখা পৰলৈকে কাকো আটক কৰিবলৈ সক্ষম হোৱা নাই।

Related News