NORTHEAST NOW (Assamese)
অৰুণাচল

অৰুণাচলত দুৰ্ঘটনাত পতিত সেনাৰ হেলিকপ্টাৰ: এগৰাকী পাইলটৰ মৃত্যু

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 5, 2022 2:09 pm
Army aviation crash in Arunachal

অৰুণাচল প্ৰদেশৰ টাৱাঙত আজি দুৰ্ঘটনাত পতিত হৈছে ভাৰতীয় সেনাৰ এখন হেলিকপ্টাৰ। এই শোকাৱহ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছে হেলিকপ্টাৰখনৰ এগৰাকী পাইলটে।

ভাৰতীয় সেনাৰ এই চিতা হেলিকপ্টাৰখন টাৱাং জিলাৰ বিটিকে জলপ্ৰপাতৰ ওচৰত পুৱা প্ৰায় ১০ বজাত দুৰ্ঘটনাত পতিত হয়।

দুৰ্ঘটনাৰ পিছত দুয়োগৰাকী পাইলটক নিকটতম সামৰিক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও গুৰুতৰ আঘাতৰ বাবে চিকিৎসালয়ত এগৰাকী পাইলটৰ মৃত্যু হয়।

Army aviation helicopter crashes near Arunachal 's Tawang, one pilot dead

নিহত পাইলট গৰাকীক লেফটেনেণ্ট কৰ্ণেল সৌৰভ যাদৱ বুলি চিনাক্ত কৰা হৈছে। আনহাতে আনগৰাকী আঘাতপ্ৰাপ্ত পাইলট বৰ্তমান চিকিৎসাধীন হৈ আছে বুলি প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এক বিবৃতিত উল্লেখ কৰা হৈছে।

বিবৃতিটোত প্ৰতিৰক্ষা মন্ত্ৰালয়ে লগতে দুৰ্ঘটনাৰ কাৰণ সন্দৰ্ভত বৰ্তমানলৈকে কোনো তথ্য পোৱা নাই বুলি জানিবলৈ দিয়ে।