NORTHEAST NOW (Assamese)
Popular Stories

ভাৰতলৈ প্ৰত্যাৰ্পণ হ’ব পাৰে নীৰৱ মোদীৰ, ৰায়প্ৰদান কৰিব ইংলেণ্ডৰ ন্যায়ালয়ে আজি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 25, 2021 11:02 am

ইংলেণ্ডৰ এখন ন্যায়ালয়ে বৃহস্পতিবাৰে ভাৰতীয় হীৰা ব্যৱসায়ী নীৰৱ মোদী সম্পৰ্কে এটা গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিব।

উল্লেখযোগ্য যে ৪৯ বছৰীয়া মোদীয়ে ২০১৯ চনৰ ১৯ মাৰ্চৰ পৰা লণ্ডনৰ ৱাণ্ডছৱৰ্থ কাৰাগাৰত কাৰাবাস খাটি আছে।

ৱেষ্টমিনষ্টাৰ মেজিষ্ট্ৰেটছ ক’ৰ্টে প্ৰদান কৰিবলগা ৰায় অনুসৰি সোনকালেই মোদীক ভাৰতলৈ প্ৰত্যাৰ্পণ কৰা হ’ব পাৰে।

ভাৰতলৈ প্ৰত্যাৰ্পণ কৰাৰ পাছতে মোদীয়ে কেইবাটাও প্ৰবঞ্চনা আৰু আৰ্থিক জালিয়াতীৰ গোচৰৰ মুখামুখি হ’ব।

কাৰাগাৰৰ পৰা মোদীয়ে এটা ভিডিঅ’লিংকৰ দ্বাৰা ন্যায়ালয়ত অংশগ্ৰহণ কৰিব। ইতিমধ্যে কেইবাবাৰো এনেধৰণে শুনানি সম্পন্ন হৈ গৈছে।

ন্যায়ালয়ে উক্ত ৰায়টো পাছত ইংলেণ্ডৰ গৃহ সচিব প্ৰীতি পেটেললৈ প্ৰেৰণ কৰা হ’ব।

ইতিমধ্যে মোদীয়ে কেইবাবাৰো জামিন আবেদন কৰিছিল যদিও ন্যায়ালয়ে মঞ্জুৰ কৰা নাছিল।

ভাৰতত মোদীক মুম্বাইৰ আৰ্থাৰ ৰোড জেইলৰ ১২ নম্বৰ বেৰেকত ৰখা হ’ব। ইতিমধ্যে ভাৰত চৰকাৰে এটা ভিডিঅ’ ৰেকৰ্ডিঙৰ যোগেৰে উক্ত বেৰেকটো  সাজু কৰি তুলিছে বুলি প্ৰকাশ কৰিছে।

উল্লেখযোগ্য যে নীৰৱ মোদীৰ উপৰিও কিংফিছাৰ এয়াৰলাইনছৰ প্ৰাক্তন মালিক বিজয় মালিয়া, মৰণাস্ত্ৰ ব্যৱসায়ী সঞ্জয় ভাণ্ডাৰীও ভাৰতৰ পৰা গৈ ইংলেণ্ডত পলাই আছে।

আনহাতে ২০২০ বৰ্ষৰ ফেব্ৰুৱাৰীত ক্ৰিকেট বুকী সঞ্জীৱ চাওলাক ইংলেণ্ডে ভাৰতক প্ৰত্যাৰ্পন কৰিছে।