NORTHEAST NOW (Assamese)
অসম

ড০ ৰঞ্জনা দাসলৈ সতী ৰাধিকা শান্তি বঁটা

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ January 10, 2021 4:45 pm

বিগত বৰ্ষৰ দৰে চলিত বৰ্ষতো শিৱসাগৰ জিলা অনুসূচীত জাতি ছাত্ৰ সন্থাই প্ৰদান কৰে সতী ৰাধিকা শান্তি বঁটা আৰু সতী ৰাধিকা আদৰ্শ বঁটা।

এই বৰ্ষত সতী ৰাধিকা শান্তি বঁটা আগবঢ়োৱা হয় ড০ ৰঞ্জনা দাসলৈ।

শিৱসাগৰ জিলা সাংবাদিক সন্থাৰ কাৰ্যালয়ত অনুষ্ঠিত সতী ৰাধিকা বঁটা প্ৰদান অনুষ্ঠানত প্ৰদান কৰা হয় এই বঁটা।

ইয়াৰ উপৰি জিলাখনৰ ত্ৰিশ গৰাকী নাৰী যাৰ অসমৰ সমাজ জীৱনৰ প্ৰতি অৱদান আছে, নিজ নিজ অঞ্চলত তেওঁলোকে সমাজৰ বাবে কাম কৰি গৈছে তেনে মহিলাকো নিৰ্বাচিত কৰি সতী ৰাধিকা বঁটা প্ৰদান কৰে সদৌ শিৱসাগৰ জিলা অনুসূচীত জাতি ছাত্ৰ সন্থাই।

উল্লেখ্য যে কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰ্যালয় বিভাগৰ প্ৰাক্তন সঞ্চালিকা আছিল ড০ ৰঞ্জনা দাস।

ইতিমধ্যে তেওঁ প্ৰায় এশ খনতকৈ অধিক গৱেষণা পত্ৰ ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় আলোচনীত প্ৰকাশ পাইছে।

প্ৰতি বছৰে সদৌ অসম অনুসূচীত জাতি ছাত্ৰ সন্থাই সমাজ জীৱনত অৱদান আগবঢ়োৱা মহিলাক সতী ৰাধিকা বঁটা প্ৰদান কৰি আহিছে।