NORTHEAST NOW (Assamese)
Popular Stories

সুদুৰ নাইজেৰিয়াৰ যুৱকৰ পাণি গ্ৰহণ তিতাবৰৰ যুৱতীৰ; আউনীআটী সত্ৰত ল’লে শৰণ

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক March 12, 2020 6:39 am
সুদুৰ নাইজেৰিয়াৰ যুৱকৰ পাণি গ্ৰহণ তিতাবৰৰ যুৱতীৰ; আউনীআটী সত্ৰত ল’লে শৰণ

প্ৰেমে নামানে কোনো ভৌগোলিক সীমাৰ বান্ধোন। ইয়াকে সত্য প্ৰমাণিত কৰি বুধবাৰে সুদুৰ নাইজেৰিয়াৰ ডেভিদ জ’ন আৰু তিতাবৰৰ সবিতা বৰাৰ সম্পৰ্কই বিবাহৰ মাজেৰে পূৰ্ণতা লাভ কৰে।

নাইজেৰিয়াৰ যুৱক ডেভিদ জ’ন তিনি বছৰৰ পূৰ্বে গুৱাহাটীলৈ আহোতে তিতাবৰৰ যুৱতী সবিতা বৰাৰ সৈতে চিনাকি হৈছিল আৰু পিছত এই চিনাকিয়ে প্ৰেমৰ ৰূপ পায়। বৰ্তমান দুয়োজন দিল্লীৰ এটা আন্তৰ্জাতিক কোম্পানীত কৰ্মৰত।

বিবাহপাশত আৱদ্ধ হোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছত সবিতাৰ পৰিয়াল তথা গাঁৱৰ ৰাইজে ডেভিদ জ’নক মাজুলী সত্ৰত শৰণ ল’ৱলৈ উপদেশ দিছিল যদিও ক’ৰ’না ভাইৰাছৰ বাবে মাজুলী লৈ যোৱা সম্ভৱ ন’হল দুয়োৰে ৷ সেয়ে টীয়কৰ কলিয়াপানী আউনীআটি সত্ৰত দুয়ো শৰণ ল’লে।

কলিয়াপানী শাখা আউনীআটী সত্ৰত সম্পূৰ্ণ অসমীয়া সাজপাৰ পৰিধান কৰি ডেভিদে শৰণ লয়। ভাষা সুকীয়া, সংস্কৃতি সুকীয়া হ’লেও আকোঁৱালি ল’লে অসমীয়া পৰম্পৰা আৰু সংস্কৃতি। আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ পিতাম্বৰ দেৱ গোস্বামীৰ অধীনত শৰণ গ্ৰহণ কৰি বুধবাৰে যুগ্মজীৱনৰ পাতনি মেলিলে ডেভিদ জ’ন আৰু সবিতা বৰাই।