NORTHEAST NOW (Assamese)

চৰাইদেউত সেনা আৰু আৰক্ষীৰ যুটীয়া অভিযানত আলফা সদস্য আটক; উদ্ধাৰ কিশোৰী

May 25, 2020 10:05 pm · এন ই নাও নিউজ
আটক হোৱা আলফা সদস্য কেইগৰাকী

ভাৰতীয় সেনা আৰু অসম আৰক্ষীৰ যুটীয়া অভিযানত আজি উজনি অসমৰ চৰাইদেউ জিলাত আলফা(স্বা)ৰ নিয়োগ চক্ৰ উৎখাত কৰাৰ লগতে এগৰাকী যুৱতীক উদ্ধাৰ কৰে।

বিশেষ সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত অভিযান চলাই সেনা আৰু আৰক্ষীৰ অভিযানকাৰী দলটোৱে উক্ত চক্ৰটো উৎখাত কৰিবলৈ সক্ষম হয়।

অভিযানকাৰী দলটোৱে অভিযান চলায় এজন আলফা(স্বা)ৰ দুৰ্ধৰ্ষ আলফা সদস্যক গ্ৰেপ্তাৰ কৰাৰ লগতে চাৰি গৰাকী সংযোগ ৰক্ষাকাৰী সদস্য(লিংক মেন)ক আটক কৰে।

আটকাধীন সদস্য কেইগৰাকী বলদেৱ তেলী, অমিত বাৰা, সুমিত বাইগ, আজাদ গোহৰান আৰু বিজয় বুলি চিনাক্ত কৰা হৈছে।

আনহাতে, সেনা আৰু আৰক্ষীৰ অভিযানকাৰী দলটোৱে উদ্ধাৰ কৰা কিশোৰী গৰাকী ৰ’মেন ওৰাং বুলি চিনাক্ত কৰা হয়।

আটকাধীন আলফা সদস্য কেইগৰাকীয়ে অঞ্চলটোত আলফাৰ নতুন সদস্য ভৰ্তিৰ কামৰ সৈতে জড়িত হৈ আছিল বুলি জানিব পৰা গৈছে।

উদ্ধাৰ কৰা কিশোৰী গৰাকীক কিছুদিন পূৰ্বে আলফাত যোগদানৰ বাবে নিয়া হৈছিল। সেনাৰ দলটোৱে কিশোৰী গৰাকীক উদ্ধাৰ কৰি পৰিয়ালৰ হাতত গটায় দিয়ে।

অভিযান কালত সেনা আৰু আৰক্ষীৰ দলটোৱে এটা ৭.৬২ এম এম পিষ্টল, ২ ৰাউণ্ড সজীৱ গুলী, মোবাইল ফোন আৰু চিম কাৰ্ড জব্দ কৰে।

Related News